সুহা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত বিশেষ সভা

বৰপেটাঃ ‘‘পৃথিৱীখনত তিনি প্ৰকাৰৰ মানুহ আছে৷ প্ৰথমবিধ মানুহে পৃথিৱীখনত কিবা এটা অসাধ্য সাধন কৰিব পাৰে, দ্বিতীয়বিধে সেই অসাধ্য সাধনৰ ফল সদব্যৱহাৰ কৰি জগতৰ মঙ্গলৰ হকে নিয়োজিত হব পাৰে আৰু তৃতীয়বিধে সেই অসাধ্য সাধন সম্পৰ্কত শুনা-প্ৰত্যক্ষ কৰা ঘটনাৰাজিৰ বিষয়ে ভাবি ভাবি জীৱনটো পাত কৰিব পাৰে৷ প্ৰথমবিধ মানুহ কোনোবাটো সময়ত স্বীকৃত হয় ঈশ্বৰ অথবা মহাপুৰুষৰূপে ।

কোনোবা সময়ত স্বীকৃত হয় পৃথিৱীখনৰ সবাতোকৈ কৃতকাৰ্য্য মানুহৰূপে৷ দ্বিতীয়বিধ স্বীকৃত হয় প্ৰয়োজনীয় 'মানুহ' হিচাপে আৰু তৃতীয়বিধে স্বীকৃতি লাভ কৰে 'সৰ্বসাধাৰণ' বিফল মানুহৰূপে৷’’ বৰপেটাৰ সুহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনত এইদৰে অভিজ্ঞতা অাৰ্জিত বিভিন্ন উদাহৰণেৰে ছাত্ৰ-ছাত্ৰীসকলৰ আগত বক্তব্য দাঙি ধৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মাধুৰ্যমণ্ডিত বৰুৱাই৷

অলপতে সুহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশন উপলক্ষে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডিম্বেশ্বৰ পাঠকৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি বিশিষ্ট লেখক অধ্যাপকগৰাকীয়ে কয় যে, কৃতকাৰ্য্যতা গুৰুত্বপূৰ্ণ কথা নহয়; উৎকৃষ্টতাহে মহত্ত্বপূৰ্ণ বিষয়। ছাত্ৰ-ছাত্ৰীসকলক কৃতকাৰ্য্যতাৰ পাছত দৌৰি উৎকৃষ্টতা অৰ্জনত যাতে কাৰ্পণ্য নকৰে সেই দিশটোতো সতৰ্ক হ’বলৈ আহ্বান জনায়৷

সভাখনত বৰপেটাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰেও বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়াই ছাত্ৰছাত্ৰী সকলক লক্ষ্য সাধনত উপনীত হবলৈ কঠোৰ অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায়৷ অকল পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, অধ্যয়নৰ লগতে ক্ৰীড়া, সাহিত্য সংগীত, সমাজসেৱা আদি জীৱনৰ আন আন দিশবোৰৰ ক্ষেত্ৰতো সমানেই আগবাঢ়িবলৈ আহ্বান জনায়৷ সভাখনত বিশিষ্ট অতিথি হিচাপে অক্ষয় কুমাৰ মিশ্ৰ আৰু সুহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৱাজেদুল হাচান উপস্থিত থাকে ৷

ইয়াৰ পূৰ্বে সোমনাথ তালুকদাৰে বিদ্যালয়ৰ পতাকা উত্তোলনেৰে বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী মুকলি কৰাৰ পিচতেই স্মৃম্তিতৰ্পন আৰু বৃক্ষৰোপনেৰে কাৰ্যসূচী মুকলি কৰে৷ অধিৱেশন উপলক্ষে কুইজ, ভেশচন, কবিতা আবৃত্তি, খেল ধেমালি আদি প্ৰতিযোগিতাৰ উপৰিও প্ৰথমবাৰৰ বাবে আয়োজিত চিত্ৰ আৰু কলা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে ভাস্কৰ্য শিল্পী ৰণজিৎ শৰ্মাই৷ মুকলি সভাত কৃতী ছাত্ৰছাত্ৰী সকলৰ মাজত বঁটাসমুহ বিতৰণ কৰা হয়৷