উত্তৰ প্ৰদেশত ভাতৃ-ভগ্নীয়ে হ'লগৈ প্ৰেমিক যুগল

হিতে বিপৰীত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নতুনকৈ স্থাপন কৰা এণ্টি ৰোমিঅ’ স্কোৱাড। নাৰীক সুৰক্ষা দিবলৈ ৰাজ্যখনত স্থাপন কৰা এণ্টি ৰোমিঅ’ স্কোৱাডে দুৰ্ভোগ ভোগাইছে সাধাৰণ জনতাক৷ ৰাজ্যখনৰ ৰামপুৰত প্ৰেমিক-প্ৰেমিকা বুলি আৰক্ষীয়ে আটক কৰে ভাতৃ-ভগ্নীক৷

সোমবাৰে সংঘটিত হয় এই ঘটনা৷ আটক কৰাৰ পিছত মুক্ত কৰিবলৈ ৫ হাজাৰ টকা উৎকোচ বিচৰাৰো অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে৷ আৰক্ষীয়ে প্ৰকাশ অনুসৰি যুৱক-যুৱতীহালে ঔষধ কিনিবলৈ গৈ থকা অৱস্থাত দুজন আৰক্ষী কৰ্মীয়ে আটক কৰে তেওঁলোকক৷ আৰক্ষীয়ে তেওঁলোকক প্ৰায় পাচঁ ঘণ্টা থানাত আবদ্ধ কৰি ৰাখে৷

পৰিয়ালৰ অভিযোগ অনুসৰি ভাতৃ-ভগ্নী বুলি কোৱাৰ পিছতো আৰক্ষীয়ে মুক্ত কৰিবলৈ অমান্তি হয়৷ পৰিয়ালৰ লোকে মন্ত্ৰী বলদেব সিংহক বিষয়টো অৱগত কৰে৷ মন্ত্ৰীজনে উক্ত বিষয়টোৰ সম্পুৰ্ণ তথ্য আৰক্ষী অধীক্ষকৰ আগত প্ৰকাশ কৰে৷ অৱশেষত আৰক্ষী অধিক্ষকৰ তৎপৰতাত মুক্ত হয় ভাতৃ-ভগ্নীহাল৷  ঘটনাত জড়িত দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবপৰা গৈছে৷