দৰঙত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন

দলংঘাটঃ দেশ তথা ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ কথা সময়ে সময়ে চৰ্চিত হৈ আহিছে৷ জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য, খাদ্য তথা নিজ সন্তানে বৃদ্ধ অৱস্থাত একাংশ পিতৃ-মাতৃৰ প্ৰতি অৱহেলা কৰাৰ ঘটনা আমাৰ ৰাজ্যত প্ৰায় সংঘটিত হৈ আহিছে৷ যাৰ বাবে ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকল একত্ৰিত হৈ পৰা পৰিলক্ষিত হৈছে৷

তাৰ মাজতে ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলে আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰে৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দৰং জিলাৰ দেওমৰনৈতো দেওমৰনৈ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়৷

কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা স্বচ্ছ অভিযান পৰিচালনা কৰে অৱসৰী শিক্ষক গিৰীশ চন্দ্ৰ শৰ্মাই৷ বন্তি প্রজ্বলন ৰূপায়ন কৰে অৱসৰী শিক্ষক আনন্দি ৰাম ডেকাই৷ সন্থাৰ পতাকা উত্তোলন কৰে দেওমৰনৈ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ভূচন্দ্ৰ শৰ্মাই, স্মৃতি তৰ্পণ ৰূপায়ন কৰে অৱসৰী বায়ু সেনা বিষয়া হৰি চন্দ্ৰ হাজৰিকাই, বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে বিশিষ্ট সমাজকৰ্মী মধুৰাম ডেকা, ঘনশ্যাম বৰুৱা আৰু উমাকান্ত বৰাই।

ইয়াৰ পাছতেই দেওমৰনৈ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ভূচন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে খৈৰাবাৰী মনোৰমা একাডেমীৰ অধ্যক্ষ কিৰণ চন্দ্ৰ চহৰীয়া আৰু বিশিষ্ট অতিথি হিচাপে দৌলগুৰি জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক নৱীন চন্দ্ৰ ডেকা উপস্থিত থাকে।

মুকলি সভাত অনুবাদ সাহিত্যত সাহিত্য অকাডেমি বটাঁ প্ৰাপক তপেশ্বৰ শৰ্মা, অৱসৰী শিক্ষক নবীন চন্দ্ৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী গোপীকান্ত কাকতিক দেওমৰনৈ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

অনুষ্ঠানত শতাধিক জ্যেষ্ঠ ব্যক্তিৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে৷