
গোৰেশ্বৰঃ জ্যেষ্ঠ নাগৰিক সকলে আবেগ, অনুভূতি আৰু খং বৰ্জন কৰিব পাৰিলে বহুত সুখী হ'ব পাৰে। এই জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ বাবে মহাপুৰুষ শংকৰ গুৰুজনাইও চিন্তা কৰিছিল, সেয়ে চাপৰি বজোৱা, নাগাৰা, তাল আদি বাদনৰ যোগেৰে ক্ৰমে শৰীৰ, হৃদযন্ত্ৰৰ লগতে কাণৰ ব্যায়াম কৰিবলৈ শিকাই থৈ গৈছিল। এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ৰজনীকান্ত তালুকদাৰৰ।
আজি আন্তজার্তিক জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে বাক্সা জিলাৰ গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত গোৰেশ্বৰ মহাবিদ্যালয়ত আয়োজিত মুকলি সভাত এনেদৰে কয় তালুকদাৰে। গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি লোহিত হুজুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাই। সভাত সন্মিলনৰ সম্পাদক হৰিচৰণ ডেকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে।
সভাত বিটিচি কাৰ্যাবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বিশিষ্ট অথিতিৰ ভাষণ ৰাখি সাম্প্ৰতিক সময়ত সমাজত বৃদ্ধি পোৱা যুৱ উশৃংখলতা প্ৰশমনৰ বাবে জ্যেষ্ঠ নাগৰিকসকলক উদ্যোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। বসুমতাৰীয়ে গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক স্বাস্থ্য নিধিলৈ ২০ হাজাৰ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
ইয়াৰ পূৰ্বে ৰাতিপুৱা আঠ বজাত পতাকা উত্তোলন কৰে গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি অমীন্দ্ৰ নাথে। স্মৃতি তৰ্পন কৰে বিপিন ডেকা আৰু ৰন্টি কলিতাই। ইয়াৰ পিছতে বৃক্ষৰোপন আৰু সভ্য ভৰ্ত্তিকৰণ কাৰ্যসূচী সমাপন কৰা হয়।
ইপিনে মুকলি সভাতে সমাজলৈ অনবদ্য বৰঙণি আগবঢ়োৱা কেবাজনো জ্যেষ্ঠ নাগৰিক মদন দাস, বিপিন কেওট, খৰ্গেশ্বৰ দাস, সম্বৰুধৰ বৈশ্য, চন্দ্ৰ কলিতা, ভূৱনেশ্বৰ নাথ, ভবেন্দ্ৰ নাথ, খবিৰুদ্দিন আহমেদ আৰু ৰেণুপ্ৰভা ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
কৃতি শিক্ষয়িত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা গোৰেশ্বৰৰ গোলাপলতা গোস্বামীকো সভাত সম্বৰ্ধনা জনোৱা হয়। আনহাতে কৃতী ছাত্ৰ-ছাত্ৰী মিছ ৰৈমালী বসুমতাৰী, ৰূপালী নাথ আৰু অজন্তা বড়োকো জ্যেষ্ঠ নাগৰিক সন্মিলনে সম্বৰ্ধনা জ্ঞাপন কৰে৷