ভ্ৰাম্যমাণৰ একালৰ বিশিষ্ট অভিনেত্ৰী অনুপমা ৰয়ৰ মৃত্যু

বৰপেটাঃ এটি যুগৰ অৱসান ঘটিল৷ একালৰ মঞ্চ জগতত অভিনয়েৰে দপদপাই থকা অভিনেত্ৰীগৰাকীয়ে সকলোকে কন্দুৱাই বিদায় ললে পৃথিৱীৰ পৰা৷ একালৰ বিশিষ্ট অভিনেত্ৰী অনুপমা ৰয় আৰু নাই৷

অভিনয় জগতত নিজ প্ৰতিভাৰে জিলিকি উঠা তথা অসমৰ দৰ্শকৰ আপোন হৈ পৰা অভিনেত্ৰীগৰাকীয়ে সোমবাৰে বৰপেটা জিলাৰ পাঠশালাৰ নিজ বাসগৃহত মৃত্যুক আকোৱালি লয়৷

আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ৰ পত্নী অনুপমা ৰয়ে যোৱা প্ৰায় তিনি বছৰৰ পৰা হৃদৰোগ আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আহিছিল৷

চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে নিজ গৃহতে চিকিত্সা গ্ৰহণ কৰি আহিছিল ৰায়ে৷ মাথো ৬৫ বছৰ বয়সতে অনুপমা ৰয়ৰ মৃত্যু হয়৷