গোপনে শুকুৰবাৰে বিয়া পাতিলে অনুস্কা-বিৰাটে

ডিজিটেল ডেস্কঃ দেশৰ যুৱতীৰ নয়নৰ মণি বিৰাটৰ বিয়াৰ খবৰটো ইতিমধ্যে দেশৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে৷ কৰিণা কাপুৰ আৰু চৈফ আলি খানৰ পিছত দেশৰ বহু চৰ্চিত বিয়া খনক লৈ সকলোৰে উৎকন্ঠা৷

সংবাদ মাধ্যমে অহা ১২ নতুবা ১৮ ডিচেম্বৰত বিৰাট অনুস্কাৰ বিয়া আৰু ২৬ ডিচেম্বত অভ্যৰ্থনা বুলি প্ৰচাৰ চলাই আহিছে যদিও এটি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইতিমধ্য বিৰাট অনুস্কাৰ যোৱা শুকুৰবাৰেই বিয়া হৈ যোৱা বুলি দাবী কৰে৷ আজ টকত প্ৰকাশ কৰি মতে, এগৰাকী জ্যেষ্ঠ সাংবাদিকে এটি টুইট কৰি বিৰাট আৰু অনুস্কাৰ বিয়া হৈ যোৱা বুলি দাবী কৰাৰ কথা প্ৰকাশ কৰে৷

বিৰাট অনুষ্কাই শেষ মুহূর্তত বহু পৰিকল্পনাৰ সালসলনি কৰি ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহতেই বিয়াত বহিব বুলি প্ৰচাৰ হৈ আছিল৷ দীর্ঘদিনৰ প্রেমিকা তথা বলিউডৰ জনপ্ৰিয় নায়িকা অনুষ্কা শর্মাই ক্ৰিকেটাৰ বিৰাট কোহলিৰ সৈতে বিয়াত বহিব বুলি প্ৰচাৰ হৈ থকাৰ সময়তে ইতিমধ্য বিবাহত বহাটো একপ্ৰকাৰ থিৰাং হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে৷

কিন্তু বহুচর্চিত এই বিয়া হৈ যায় পূৰ্বে নিৰ্ধাৰিত ইটালিৰ মেনিলাৰ টুচকেনি ৰেষ্টুৰেন্টত৷ বিশ্বৰ ভিতৰতে বিলাসী ৰেষ্টুৰেন্ট খনত বিয়া হয় বুলি দাবী কৰে একাংশ লোকে। ইউৰোপৰ দেশবিলাকৰ মাজত ইটালিয়েই চেলিব্রিটি ৱেডিঙৰ বাবে বিখ্যাত৷ বিৰাট অনুষ্কাহতেঁও গোপনীয়তা বজাই ৰখাৰ বাবে ইটালিকে বাছনী কৰিছে সম্ভৱত৷

ইয়াৰ পুৰ্বেও বিভিন্ন মহলত গুণগুণনি চলিছিল ডিচেম্বৰত বিয়া পাতিব বুলি৷ কিন্তু বিৰাট-অনুষ্কাই এই বিষয়ত বৰ্তমানলৈ মুখ খোলা নাই৷ ক্ৰিকেট মহলত বিয়পা বাতৰি অনুসৰি বিগত বৰ্ষৰ অৰ্থাৎ ২০১৬ৰ ডিচেম্বৰত আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈ গৈছে বিৰুষ্কাৰ৷ সেই অনুষ্ঠানত অমিতাভ বচ্চন আৰু আম্বানি পৰিয়াল উপস্থিত আছিল বুলি প্রচাৰমাধ্যমৰ কোনো কোনোই দাবী কৰে৷

কিন্তু সেই অনুষ্ঠানৰ সত্যতাও স্বীকাৰ কৰা নাই অদ্যাপি৷ উল্লেখ্যযোগ্য যে, বিয়াৰ কথা কোনো এজনেও উল্লেখ নকৰিলেও ডিচেম্বৰ মাহত বিৰাটক সকলো প্ৰকাৰৰ খেলৰ পৰা বিশ্ৰাম দিয়া হৈছে৷ আনহাতে শ্বুটিঙৰ পৰাও ডিচেম্বৰ মাহটোত অব্যাহতি লৈছে অভিনেত্ৰীগৰাকীয়ে৷ সম্ভৱত পাপাৰাৎজিৰ পৰা ৰক্ষা পাবৰ বাবেই এই সকলো খবৰ গোপনে ৰাখিছে দুয়েগৰাকীয়ে৷