
ডিব্ৰুগডঃ ৰাজ্যৰ অন্যতম সাংবাদিক সংগঠন অাছাম প্ৰেছ ক'ৰেছপণ্ডন্টছ ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ অহা ২৩ আৰু ২৪ ডিচেম্বৰত ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে৷ ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৯ বজাত পতাকা উওোলন কৰিব ডিব্ৰুগড় জিলা আপকুৰ সভাপতি তিলক ফুকনে৷
৯.৩০ বজাত স্মৃতিচাৰণ কৰিব জিলা সম্পাদক কুশল খনিকৰ অাৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা অাদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি উদয়ন কুমাৰ গগৈয়ে৷ ১০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে অন্তিম কাৰ্যনিবাহক সভা অাৰু প্ৰতিনিধিৰ বিষয়-বাছনি সভা অনুষ্ঠিত হ’ব৷ দ্বিতীয় দিনা পুৱা চিত্রাংকন, দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
অাপকুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি তিলক ফুকনৰ সভাপতিত্বত বাৰ্তালোচনী উন্মোচন অাৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ মুকলি সভা উদ্ধোধন কৰিব বিশিষ্ট সাহিত্যক তথা প্ৰাক্তন সাহিত্য সভাৰ সভাপতি, প্ৰাক্তন ৰাজ্যৰ সভা সাংসদ ডঃ নগেন শইকীয়াই৷ সভাত অামন্ত্রিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট লেখক, সমালোচক ডঃ দেৱব্ৰত শৰ্মাৰ লগতে জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকিব৷