আপকুৰ ৰূপালী জয়ন্তী, লোকে লোকাৰণ্য মাৰ্ঘেৰিটা

ফিল'বাৰীঃ সাংবাদিকৰ সুৰক্ষা, ন্যায় তথা বিভিন্ন সমস্যা সন্দৰ্ভত সক্ৰিয় ভূমিকা পালন কৰি অহা আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়নে ২৫ বছৰ অতিক্ৰম কৰিলে ৷ ২৫টা বছৰ অতিক্ৰম কৰা সাংবাদিক সংগঠনটোৱে তিনিচুকীয়া জিলাৰ কয়লা নগৰী মাৰ্ঘেৰিটাৰ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ সমাৰোহ।

শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ শনিবাৰে পুৱা পতাকা উত্তোলন কৰে আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিঙে। ইয়াৰ পিছতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰী গোটে পৰিৱেশন কৰে আপকুৰ শীৰ্ষ সংগীত।

দুপৰীয়া অনুষ্ঠানত উপস্থিত হৈ শুভেচ্ছামূলক ভাষণ আগবঢ়ায় সাংসদ ৰামেশ্বৰ তেলী আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে । দেওবাৰে সামৰণি পৰিবলগীয়া অনুষ্ঠানটোত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ অসংখ্য সাংবাদিকে আহি ইতিমধ্যে মাৰ্ঘেৰিটাত উপস্থিত হোৱা পৰিলক্ষিত হৈছে।