
নগৰবেৰাঃ ৰাজ্যৰ সাংবাদিক সকলৰ বিবিন্ন সমস্যা হৈ সক্ৰিয় ভূমিকা পালন কৰি অহা ৰাজ্যৰ অন্যতম সাংবাদিক সংগঠন আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ কামৰূপ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন শনিবাৰে মিৰ্জাৰ পলাশবাৰী সাহিত্য সভা ভৱন প্ৰাংগনত অনুষ্ঠিত হৈ যায়৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ পুৱা ৯.৩০ বজাত আপকুৰ কামৰূপ জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদে পতাকা উওোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
১০ বজাত শ্বহীদ সাংবাদিকসকলৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে আপকুৰ পিতামহ স্বৰূপ তথা প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান ভবেশ বৰুৱাই৷ বন্তি প্ৰজ্বলন কৰে আপকুৰ কাৰ্যকৰী সভাপতি আৰু সম্পাদক মৌচম জ্যোতি বৈশ্য আৰু ৰতন কলিতাই। কামৰূপ জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদৰ সভাপতিত্বত জিলা সমিতি সাধাৰণ সভা অনুষ্ঠিত হয়।
সভাত আগন্তুক ২০১৮-২০১৯ বৰ্ষৰ বাবে নগৰবেৰাৰ আবুল কালাম আজাদক সভাপতি, মিৰ্জাৰ হীতেন মালীক উপ-সভাপতি, নিৰেন চন্দ্ৰ মালীক সম্পাদক, নগৰবেৰাৰ মিজমিজানুৰ ৰহমানক সহঃ সম্পাদক, আব্দুল লতিফ সৰকাৰক পএিকা সম্পাদক, উওৰ গুৱাহাটীৰ কৌশিক দাসক সাংগঠনিক সম্পাদক, ৰঙিয়াৰ তাপস সমাদ্দাৰক কোষাধ্যক্ষ হিচাপে লৈ ১৫ জনীয়া এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। মিৰ্জাৰ মৌচম জ্যোতি বৈশ্য আৰু নগৰবেৰাৰ হাছানুল আহমেদক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে বাচনী কৰা হয়।