
তিনিচুকীয়াঃ অসমৰ মফচলীয় সাংবাদিকৰ সংগ্ৰামী মঞ্চ "আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন" চমুকৈ আপকুৰ ৰূপালী জয়ন্তীৰ বৰ্ষজোৰা সামৰণি অনুষ্ঠানৰ দেওবাৰে তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী এলেকা ক'লা হীৰাৰ দেশ মাৰ্ঘেৰিটাত সামৰণি পৰে৷ উল্লেখ্য যে বিগত ২৫ টা বছৰে ৰাজ্যৰ সমুহ সাংবাদিকৰ স্বাৰ্থত মাত মাতি অহা এই সংগ্ৰামী মঞ্চখনে সাংবাদিকৰ সুৰক্ষা, দা-দৰমহ, মালিক পক্ষৰ অৱহেলাকে ধৰি বিভিন্ন সমস্যাৰ স'তে মাত মাতি আহিছে৷

আপকুৰ তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত এই অনুস্থানত পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা "কিৰণজ্যোতি হাজৰিকা যুৱ বটাঁ" সাংবাদিক ঋতুষ্মিন শৰ্মাক প্ৰদান কৰা হয়৷ আপকুৰ সভাপতি মনোজ সিঙৰ সঞ্চালনাত অনুস্থিত সভাত মূখ্য অতিথি ৰূপে বিশিষ্ট সাংবাদিক মনোৰম গগৈ, আছুৰ সা:সম্পাদক লুৰিণজ্যোতি গগৈ, আপকুৰ সম্পাদক প্ৰধান হেমন্ত শইকীয়াকে বটাঁ প্ৰাপক ঋতুষ্মিন শৰ্মা প্ৰমূখ্যে বিভিন্ন গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷

জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে সমাজৰ মূল্যবোধৰ অৱক্ষয় ঘটা ঠাইত সাংবাদিক কেতিয়াও সুৰক্ষিত নহয় ৷ কেৱল সাংবাদিকেই নহয় বৰঞ্চ প্ৰতিজন নাগৰিকৰ নিৰাপত্তাৰ প্ৰতি ই প্ৰচণ্ড ভাবুতি স্বৰূপ৷ তদুপৰি মফচলীয় সাংবাদিকে কেনে পৰিস্থিতৰ মোকাবিলা কৰি সংবাদ প্ৰতিষ্ঠানলৈ সংবাদ প্ৰেৰণ কৰে তাৰ প্ৰতিও মালিক পক্ষই মনোযোগ দিয়া উচিত বুলি মন্তব্য কৰে৷
সংবাদ সেৱাক কেৱল ব্যৱসায় হিচাপে ন'লৈ সেৱাৰ মনোভাৱোৰো কাম কৰিলেহে সকলোৰে স্বাৰ্থ সুৰক্ষিত হ'ব বুলিও ভাষণ প্ৰসংগত তেওঁ কয়৷ ৰূপালী জয়ন্তীৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাৰ বিভিন্ন দিশত খ্যাতি অৰ্জন কৰি সমগ্ৰ জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা ২৫ জন ব্যক্তিক তেওঁলোকৰ কৰ্মৰাজিক উৎসাহ জনোৱাৰ বাবে বিশেষ সম্বৰ্ধনা জনোৱা হয়৷