
তুলসীবাৰীঃ ৰঙিয়াৰ তুলসীবাৰীস্থিত অগ্ৰণী বস্ত্ৰ উদ্যোগ এপ'ল মিলৰ পুণৰুজ্জীবিতকৰণৰ দাবীত এপ'ল শ্ৰমিক সন্থা আৰু বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অচিৰেই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে৷ আজি বিয়লি শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা যৌথ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কানু কলিতাই৷
সভাত অংশ গ্ৰহণ কৰি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ৰাজবংশীয়ে ক্ষোভ ব্যক্ত কৰি থলুৱাৰ স্বাৰ্থ ৰক্ষাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে এপ’ল মিলৰ প্ৰতি দেখুওৱা অবহেলাৰ লগতে স্থানীয় বিধায়ক গৰাকীৰ ভূমিকাকো চোকা সমালোচনা কৰে৷
সভাত জিলা সমিতিৰ দ্বীপ দৰ্শন ভৰদ্বাজ, গোলোক ৰাজবংশী, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, উপ সভাপতি শংকৰ ভূঞা, সম্পাদক হেমন্ত দাসৰ উপৰিও প্ৰাক্তন ছাত্ৰ নেতা লিটন কলিতাৰ লগতে শ্ৰমিক সন্থাৰো কেবাগৰাকী বিষয়ববীয়াই অংশ গ্ৰহণ কৰি কৰ্মহীন হৈ পৰা শ্ৰমিক সকলৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰে৷
সভাৰ অন্তত সৰ্বসন্মতিক্ৰমে ৰঙিয়াৰ গৌৰৱ এপ’ল মিলটোৰ পুণৰুজ্জীবিতকৰণ, দুৰ্গত শ্ৰমিক সকলৰ কৰ্মসংস্থাপনৰ দাবীত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়৷