ঘোষণাৰ চমক, সৰ্বানন্দ চৰকাৰৰ ঘোষণাৰ বিৰুদ্ধে ৰঙিয়াত জাঙুৰ খাই উঠিছে ৰাইজ

ফাইল ফটো
ফাইল ফটো

তুলসীবাৰীঃ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে ৰাজ্যৰ উন্নয়ণৰ বিপৰীতে বাকযুদ্ধত লিপ্ত হৈ সময় পাৰ কৰিছে৷ ৰাইজে যি আশা কৰি দল তিনিটাক ভোটদান কৰিছিল সেই আশা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই দল তিনিটাই৷ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বিপৰীতে হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ ব্যস্ত হৈ আছে দল তিনিটা৷ দুবছৰ পূৰ্বে চৰকাৰ গঠন কৰিয়েই অনেক চমক সৃষ্টি কৰিছিল দল তিনিটাই গঠন কৰা চৰকাৰ খনে৷ মন্ত্ৰী-বিধায়কে ৰঙা লাইট ব্যৱহাৰ নকৰা, সাধাৰণ লোকৰ সৈতে ট্ৰেফিক চিগনেলত ৰৈ দিয়া, ইটো আঁচনি ৰূপায়ণ কৰা সিটো কৰিম বুলি চমক সৃষ্টি কৰিছিল৷ চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়ে ঘোষণা কৰাত ব্যস্ত হৈ পৰিছিল বিজেপি চৰকাৰ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা তৰহৰ ঘোষণা কৰিছিল চৰকাৰ খনে৷ কিন্তু দুই বছৰ পাৰ হ’বৰ হ’ল যদিও তেনে ঘোষণা সমূহ কাৰ্যকৰী কৰিবলৈ আহৰি নোপোৱা হ’ল ৰাজ্য চৰকাৰে৷ শেহতীয়াকৈ এনে ঘোষণাৰ বিৰুদ্ধে নেৰানেপেৰা আন্দোলন অব্যাহত ৰাখিছে ৰঙিয়াবাসীয়ে৷ চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠি ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অগ্ৰণী বস্ত্ৰ উদ্যোগ ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীৰ এপল’মিলৰ পুণৰ উজ্জীৱিত কৰাৰ নিতৌ প্ৰতিবাদ কৰিব লগা হৈছে৷ মাহৰ পিছত মাহ শ্ৰমিকে দৰমহা নাপায় হাহাকাৰ কৰিব লগা হয়৷ এসাজ ভাতৰ বাবে ককবকাব লগা পৰিবেশৰ সৃষ্টি হয়৷

শ্ৰমিকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হৈছে৷ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময়মতে নাপায়৷ তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ নকৰে তেওলোকক তথা শ্ৰমিক-কৰ্মচাৰিসকলক৷ কোনোবা ৰামদেৱক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থকা চৰকাৰ খনে থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰে৷ ৰঙিয়াৰ তুলসীবাৰীৰ এপল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ যেন কুলাই-পাচিয়ে নধৰা হৈছে৷ বাৰে বাৰে চৰকাৰক তেওলোকৰ দাবী মানি লবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

এপল মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত ২৭ অক্টোবৰ, ১৭ নৱেম্বৰ আৰু ০৬ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও চৰকাৰে তিলমানো গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ সদৌ অসম ছাত্ৰ সন্থাই গণ আন্দোলন অব্যাহত ৰাখি এপল মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে৷  বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা, এপল মিল শ্ৰমিক সন্থাই ধৰ্ণা-প্ৰতিবাদ কৰি আহিছে৷ চৰকাৰ গঠন কৰিয়েই এপলমিল পুনৰ কাৰ্যক্ষম কৰিম বুলি কৈ ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল সোণোৱাল চৰকাৰে৷ কিন্তু ঘোষণা ঘোষণা হৈয়ে থাকিল৷ এতিয়া ঘোষণা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷

এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভৱেশ কলিতাৰ নিৰৱতাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ বাৰে বাৰে প্ৰতিবাদ কৰাৰ পিছতো বিধায়গৰাকীয়ে প্ৰতিবাদকাৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাত বহাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ এপল’মিল পুণৰ উজ্জীৱিত কৰাৰ দাবীত পুণৰ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আছু আৰু এপল’মিল শ্ৰমিক সন্থাই৷ তাৰ মাজতে,  ১৭ নৱেম্বৰত মনোৰাম কুমাৰ নামৰ এগৰাকী শ্ৰমিকে ১৪ মাহে দৰমহা নোপোৱাৰ ফলত আত্মহত্যা কৰে৷

শ্ৰমিকগৰাকীয়ে আত্মহত্যা কৰাত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল বৈশ্যই ২১ নৱেম্বৰত মিলটো পৰিদৰ্শন কৰে৷ আনকি বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু এপল মিল শ্ৰমিক সন্থাৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হৈ সম্পূৰ্ণ সম্ভাৱনা পূৰ্ণ মিলটোৰ পুণৰ উজ্জীৱিত কৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যবস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ ৭ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা সমবায় বিভাগৰ সচিব ভিএন ভাস্কৰৰ নেতৃত্বত চিথা আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া মনিবন্ধন, সমবায় বিভাগৰ যুটীয়া সচিব মুণীন্দ্ৰ শৰ্মাও উপস্থিত থাকি মিলটোৰ উন্নয়ণৰ বাবে যাৱতীয় ব্যবস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷

এপলৰ অধ্যক্ষ নৰেন্দ্ৰ শৰ্মাৰ সঞ্চালনাত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, মহকুমাধিপতি মুণীন্দ্ৰ বৰদলৈৰ উপস্থিতিত ছাত্ৰ সন্থা আৰু শ্ৰমিক সন্থাৰ নেতৃবৃন্দৰ সৈতে হোৱা আলোচনা কালত কেবিনেটৰ অনুমোদনৰ জৰিয়তে প্ৰস্তাৱিত ৯.৩৫ কোটি টকাৰ ধনৰাশী আদায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে৷ ৰাজ্য চৰকাৰৰ ৰঙা ফিটাৰ মেৰপেচত বন্দী হৈ থকা দুৰ্ভগীয়া শ্ৰমিকসকলৰ ভাগ্য মুকলি হোৱাৰ আশাত নমনীয় স্থিতি গ্ৰহণ কৰাৰ সময়তে বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত মিলটো সম্পৰ্কে কোনো ধৰণৰ কথা প্ৰকাশ নোপোৱাত চৰকাৰৰ বিৰুদ্ধে পুণৰ জাঙুৰ খাই উঠিছে সংগঠন দুটাৰ নেতৃত্ব৷

বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্ব কলিতা, সম্পাদক ভূপেন কলিতা তথা এপল শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতা, সম্পাদক দুৰ্গা হালৈয়ে উমৈহতীয়া ভাৱে স্বাক্ষৰ কৰা বিবৃতি যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সদিচ্চাৰ অভাৱত এবছৰ ধৰি প্ৰায় ছয়শ শ্ৰমিক-কৰ্মচাৰী য়ে কৰ্মহীন হৈ পৰা বুলি কয়৷ বাৰে বাৰে আন্দোলনৰ পথ লবলৈ বাধ্য হোৱাতো তেনেই দুৰ্ভাগ্য জনক বুলি আক্ষেপেৰে উল্লেখ কৰে৷ আনহাতে এপল মিলৰ পুণৰ উজ্জীৱিত কৰণৰ দাবীৰে অহা ৩০ ডিচেম্বৰৰ পৰা পুনৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷