আবতৰীয়া হোলী পালন কৰিলে কিন্তু ৰঙালীৰ ৰং নাই এপ'ল মিলত...

তুলসীবাৰীঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে চমক সৃষ্টি কৰিলে যদিও ৰাজহুৱা খণ্ডৰ অগ্ৰণী উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ’লমিল সন্দৰ্ভত কৰা ঘোষণা আৰু কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নহ’ল৷

চৰকাৰ গঠন কৰিয়েই এপ’লমিল পুনৰ কাৰ্যক্ষম কৰিবলৈ প্ৰায় ১০ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছিল সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ ঘোষণা কৰাৰ পিছতো ২বছৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতহে চৰকাৰ খনে যোৱা ০৭ মাৰ্চত পূঁজি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল কেবিনেটত৷

তাৰ পিছতেই যোৱা ৮ মাৰ্চত ঐতিহ্যমণ্ডিত ৰঙিয়া এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে বিজয় উৎসৱ পালন কৰিছিল৷ শুকান মুখত এমোকোৰা হাঁহি বিৰিঙি উঠিছিল চকুলো টুকি বছৰ বছৰ পাৰ কৰা শ্ৰমিক-কৰ্মচাৰীৰ৷ দুৰ্বিষহ জীৱন পাৰ কৰা শ্ৰমিকসকলে পেটৰ তাড়নাত হাহাকাৰ কৰি পাৰ কৰাৰ সময়তে ৰাজ্য চৰকাৰে মিলটো পুনৰজ্জীৱিত কৰাৰ বাবে দহ কোটি টকা দিয়াৰ কেবিনেটত সিদ্ধান্ত লয়৷

যাৰ ফলত আবতৰীয়া হোলী খেলি আনন্দত আত্মহাৰা হৈ পৰিছিল যদিও শ্ৰমিক-কৰ্মচাৰীসকল ৰঙালীৰ ৰং উপভোগ কৰিবলৈ সক্ষম নহল৷ ৰঙিয়াৰ এপ’ল মিলৰ ৭০০ শ্ৰমিকৰ মুখত হাঁহি বিৰিঙিব বুলি আশা কৰা হৈছিল যদিও সেয়া আজিও সম্ভৱ হৈ উঠা নাই৷

আজিও প্ৰতিটো দিনে হাহাকাৰ কৰি পাৰ কৰিব লগা হৈছে শ্ৰমিক-কৰ্মচাৰীসকলে৷ শ্ৰমিকসকলে এসাজ ভাতৰ বাবে ককবকাব লগা হৈছে সন্তানৰ সন্মুখত৷ তেওঁলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷ চৰকাৰে ঘোষণা কৰিলে থিকেই তেওলোকৰ দৰমহা কেইটা আজিও মুকলি কিৰ নিদিলে৷ মৰিগাঁৱৰ নগাঁও কাগজ কলৰ স্থায়ী শ্ৰমিকক ৩ মাহৰ দৰমহা মুকলি কৰি দিয়ে যদিও ৰঙিয়া এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীক এমাহৰো দৰমহা মুকলি কৰি নিদিলে চৰকাৰে৷ 

ফলত শ্ৰমিক-কৰ্মচাৰীয়ে ৰঙালী বিহু পালনৰ পৰা বঞ্চিত হয়৷ ৰঙালী বিহুৰ প্ৰথমটো দিনত ৰাজ্য ৰঙত বিভোৰ হৈ আছে যদিও টকুলো টুকি সময় পাৰ কৰিলে শ্ৰমিক-কৰ্মচাৰীয়ে৷ জাতিটোৰ প্ৰাণৰো প্ৰাণৰ বহাগ বিহুক লৈ ৰাজ্যজুৰি উছাহৰ ঢল বৈছে কিন্তু উছাহ নাই ৰঙিয়া এপ’লমিলত৷ 

উজনি-নামনিত শনিবাৰে পুৱাই ঘৰৰ পৰা ওলাই আহি নৈৰ পাৰত সমবেত হৈ ৰাইজে গৰুক গা-ধুৱাই আনন্দ উৎসৱ পালন কৰে যদিও এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালে তেনে আনন্দ লভিব নোৱাৰিলে৷ হতাশাৰ মাজত এপ'ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে দিনটো পাৰ কৰে৷

কেবিনেটত এপ'ল মিল বাবে ১০.১ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এমাহৰো অধিক কাল উকলি যোৱাৰ পাছতো ধন ৰাশি মুকলি নোহোৱাত এপ'ল মিলৰ শ্ৰমিকসকলৰ আশাত চেঁচা পানী পৰে৷

ৰঙালী বিহুৰ সময়ত নিজৰ সন্তান তথা আত্মীয়ক হেপাহৰ বিহুৱান এখন দিবলৈ সামৰ্থ নোহোৱাত হতাশাত ভূগিছে শ্ৰমিক-কৰ্মচাৰীসকলে৷ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু এপ'ল মিল শ্ৰমিক সন্থাই দুৰ্ভগীয়া শ্ৰমিকসকলক এমাহৰ হলেও দৰমহা মোকলাই দিব লাগিছিল বুলি কয়৷