
মঙলদৈঃ দুগৰাকী জনগোষ্ঠীয় যুৱকে কৰ্তব্যৰত সেনা বিষয়াক চুৰীৰে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰং জিলাত৷ দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত বৰঝাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে সেনাই মাৰকোথ মুছাহাৰী আৰু চিমন বাগলাৰী নামৰ যুৱক দুজনক আৱদ্ধ কৰি আৰক্ষীৰ সহায়ত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, বৰঝাৰ গাঁৱত সেনা বিষয়া কে প্ৰভাকৰৰ নেতৃত্বত সেনাৰ এটা দলে তহল দিয়াৰ লগতে দুই এজন লোকৰ গাড়ী-মটৰ তালাচী চলাই আছিল৷ বৰঝাৰ গাঁৱত মাৰকোথ মোচাহাৰী আৰু চিমন বাগলাৰী নামৰ যুৱক দুজনক প্ৰত্যক্ষ কৰি ওচৰলৈ মাতি আনি কিছু প্ৰশ্ন কৰিবৰ ধৰাৰ সময়তে সেনা বিষয়া কে প্ৰভাকৰক চুৰীৰে আক্ৰমণ কৰে৷ সেনা বিষয়াগৰাকীক আক্ৰমণ কৰি যুৱকদ্বয়ে পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰিব লগা হয় সেনাই৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় যুৱকদুজন
আক্ৰমণত গুৰুতৰ ভাৱে আহত সেনা বিষয়াগৰাকীক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত গুৱহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ওচৰে পাজৰে থকা সেনা জোৱানে যুৱকদুজনৰ পৰা সেনা বিষয়াগৰাকীক ৰক্ষা কৰাৰ চেষ্টা নকৰিলে সেনা জোৱান জনক নিচেই ওচৰৰ পৰা চুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা যায়৷
জানিব পৰা মতে, কথা পাতি থকাৰ সময়তে তেওলোকৰ সৈতে অস্ত্ৰ আছিল বুলি অৱগত নাছিল সেনাই৷ যুৱকদুজনক গাঁও খনৰ সহজ-সৰল যুৱক বুলি ভাবিছিল বুলি জানিব পৰা গৈছে৷ সেনাই জনোৱা মতে, NDFBৰ সৈতে সম্পৰ্ক থাকিব পাৰে যুৱকদুজনৰ৷ যুৱকদুজনক আৰক্ষীক গতাই দিয়ে সেনাই।
সেনা বিষয়াগৰাকীক আক্ৰমণ কৰাৰ পাছতেই মাৰকোচ মুছাহাৰী আৰু চিমন বাগলাৰীক সেনা জোৱানে বেয়াকৈ মাৰধৰ কৰা বুলি জানিব পৰা গৈছে৷ মাৰকোচ মুছাহাৰী আৰু চিমন বাগলাৰীক আহত অৱস্থাত আৰক্ষীয়ে মঙলদৈ অসামৰিক চিকিৎসালত ভৰ্তি কৰে৷ দৰং আৰক্ষীয়ে অভিযান চলাই মাৰকোচ মুছাহাৰী আৰু চিমন বাগলাৰীৰ পৰা দুটা পিষ্টল উদ্ধাৰ কৰে বুলিও জানিব পৰা গৈছে৷