
গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহিঃ ৰাজ্যলৈ আহ-যাহ কৰা যাত্ৰীবাহী ৰেল সমূহত আজিও গাঞ্জা সৰবৰাহ হৈ আহিছে৷
সময়ে সময়ে আৰক্ষী আৰু ৰেল আৰক্ষীয়ে অভিযান চলাই গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত লোকক গাঞ্জা সহ আটক কৰি অহাৰ সময়তে শনিবাৰে ৰেল আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা ষ্টেছনৰ পৰা ৫গৰাকী মিহলা সহ ৭গৰাকী লোকৰ আটক কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, প্ৰায় ৫০ টা পেকেটত তেওলোকক গাঞ্জা লৈ আহিছিল ত্ৰিপুৰৰা আগৰতলাৰ পৰা৷ বৃহৎ পৰিমাণৰ গাঞ্জা খিনি ৰেলযোগে উত্তৰ প্ৰদেশৰ আগ্ৰালৈ নি আছিল বুলি জানিব পৰা গৈছে৷