
মঙলদৈঃ আছামীক প্ৰহাৰ কৰাৰ অপৰাধত থানাৰ ভিতৰতে আৰক্ষী বিষয়া গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰং জিলাত৷ এগৰাকী আৰক্ষী বিষয়াই আৰক্ষী থানাৰ ভিতৰতে এগৰাকী আছমীক প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাৰ সময়তে গ্ৰেপ্তাৰ হ’ব লগা হয়৷
লক আপৰ ভিতৰত আছামীক মাৰ-ধৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় ছিপাঝাৰ আৰক্ষী থানাৰ অধিনৰ ভকতপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট আলি৷
ছিপাঝাৰ আৰক্ষী থানাৰ ভিতৰত লক আপৰ ভিতৰত লোহাৰ ৰদেৰে থানাৰ লক-আপৰ ভিতৰত থকা জুলহাজ আলি নামৰ আছামী এগৰাকীক লক-আপ খুলি প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাৰ সময়তে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই৷
অভিযোগ মতে, জুলহাজ আলি নামৰ আছামী জনৰ সৈতে পুৰনি কাজিয়াৰ পৰিণতিত বিষয়াগৰাকীয়ে প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে মুকুট আলিক গ্ৰেপ্তাৰ কৰে৷