
newsnextone.com | গুৱাহাটীঃ ৰাজ্যজুৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ ফলত দল-চৰকাৰৰ ইজনৰ পিছত সিজন নেতা-মন্ত্ৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ জনতাক বিজেপি দল জনগণ বিৰোধী নহয় বুলি সৈমান কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷
সেই সময়তে বিজেপি দলত দাগ লগালে এগৰাকী যুৱ নেতাই৷ গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা দেওবাৰে সন্ধিয়া অবৈধ সোণ সৰবৰাহ কৰি ধৰা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, সদৌ অসম দবা সন্থাৰ সম্পাদক তথা জালুকবাৰী সমষ্টিৰ অধিনৰ মালিগাঁৱৰ জালুকবাৰী মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰাজীৱ ধৰে সোণ সহ ধৰা পৰে৷ দীৰ্ঘদিন ধৰি সোণৰ অবৈধ বেহা অব্যাহত ৰখা বুলি লাভ কৰা খবৰৰ ভিত্তিত দেওবাৰে সন্ধিয়া অভিযান চলে শৰাইঘাট দলঙৰ সমীপত৷
এখন ৱাগনাৰ গাড়ীত বৰপেটাৰ পৰা আহি আছিল ধৰে৷ সেই সময়ত অতৰ্কিতে অভিযান চলাই জালুকবাৰী আৰক্ষী আৰু চিআইডিয়ে৷ গাড়ী খন শৰাই ঘাট দলঙৰ সমীপত ৰখাই গাড়ীৰ পৰা সোণৰ বিস্কুট উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷
গাড়ীত লুকুৱাই অনা সোণৰ টুকুৰা বহু সময় তালাচী চলাইহে উদ্ধাৰ কৰে৷ জালুকবাৰী সমষ্টিৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ আপোন আৰু হিমন্ত বিশ্ব শৰ্মাণ কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাৰ সময়ত বিজেপিত সদস্য ভৰ্তিৰ বাবে ব্যাপক অভিযান চলিছিল ৰাজীৱ ধৰৰ নেতৃত্বত৷