পাহাৰীয়া জিলা কাৰ্বি ভূমিত ৰং-তুলিকাৰে খেলিলে কিশোৰ-কিশোৰীয়ে

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি ভূমিত দেওবাৰে পুৱাই একাংশ কিশোৰ-কিশোৰীয়ে হাতত ৰং তুলিকা লৈ ওলাই আহিল৷ বোকাজান নগৰৰ শুকানজানস্থিত শ্ৰীশ্ৰী শংকৰ-মাধৱ মিলনজ্যোতি নামঘৰে ১ মাৰ্চত পালন কৰিবলগীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে নামঘৰ পৰিচালনা সমিতিয়ে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷

২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে নামঘৰ প্ৰাংগণত প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ ব্যাপক প্ৰস্ততি চলাই থকা পৰিলক্ষিত হৈছে৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নামঘৰ পৰিচালনা সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে৷

দেওবাৰে বোকাজান নগৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বিদ্যালয়ত বোকাজানৰ বহুকেইখন বিদ্যালয় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পুৱা ১০-১৫ বজাৰ পৰা অনুষ্ঠিত হোৱা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ চিত্ৰাংকন প্ৰতিযোগিতাত ৬০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰচনা প্ৰতিযোগিতাত ৫০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতা পৰিচালনা কৰে ৰূপালী জয়ন্তী উৎসৱ পৰিচালনা সমিতিৰ সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ আহ্বায়ক মণ্টু নাথে৷