বিশ্বনাথত আপকুৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

বিশ্বনাথঃ সততে অসমৰ সাংবাদিকৰ হৈ মাত মাতি অহা সাংবাদিকৰ সংগঠন আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচী দেওবাৰৰ পৰা আৰম্ভ হয়৷ ৰূপালী জয়ন্তী সমাৰোহ সৈতে সংগতি ৰাখি বিশ্বনাথ জিলাত দেওবাৰ অনুষ্ঠিত হয় বিশেষ চিত্ৰাংকন প্ৰতিযোগিতা।

দেওবাৰে বিশ্বনাথ চাৰিআলিৰ সৎ সংগ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিয়ে। প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰে৷ বিশেষকৈ গড় হত্যা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্য এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। য'ত প্ৰতিযোগীসকলে গঁড় সুৰক্ষা প্ৰদান বিষয়বস্তু সন্দৰ্ভত বিভিন্ন ছবি অংকন কৰে৷