
তুলসীবাৰীঃ ৰঙিয়াৰ তৰণীৰ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত দেওবাৰে কামৰূপ জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ স্থানীয় বিদ্যাজ্যোতি শিশু নিকেতনত অনুষ্ঠিত প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷
প্ৰতিযোগিতাৰ অন্তত বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি ভূবনেশ্বৰ লহকৰৰ সঞ্চালনাত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলাম, ৰঙিয়া প্ৰেছ ক্লাবৰ উপ-সভাপতি তাপস সমাদ্দাৰ, নিউজ নেক্সট ৱানৰ তুলসীবাৰীৰ সংবাদদাতা ভাস্কৰ কলিতা, শিক্ষক নিলমনি ৰাজবংশী আদিয়ে৷

প্ৰাঞ্জল হালৈ, নিটুমনি ৰাজবংশীয়ে আঁত ধৰা সভাত ভালেসংখ্যক অভিভাৱক উপস্থিতিত উচ্চ আৰু নিম্ন শাখাৰ প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগী তনুজ সমাদ্দাৰ, তৃষ্ণা কলিতা, দ্বিতীয় শ্ৰেষ্ঠ নৱনীতা কলিতা, কৃতাৰ্থ কলিতা, তৃতীয় শ্ৰেষ্ঠ সৌৰভ শিল, জুবলী ডেকাক মানপত্ৰ সহ নগদ ধন ২ হাজাৰ ১৫০০ টকা আৰু এহাজাৰ টকাৰে ধনৰে পুৰস্কৃত কৰা হয়৷ প্ৰতিযোগিতাঁৰ বিচাৰক নিটু বৰুৱা আৰু পংকজ হালৈৰ উপস্থিতিত নিচুকনি বঁটা বিজয়ী ৰেখিখাম বড়ো, মন্টি শীল, মনিষা কলিতা, নিকিতা দত্ত, অংশুমনি কলিতাক পুৰস্কৃত কৰা হয়৷