অৰুণাচল বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

জোনাইঃ কেন্দ্ৰ চৰকাৰে অৰুণাচলত বসবাস কৰা চাকমা আৰু হাজং লোকক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্তৰ প্ৰতি বিৰোধিতা কৰি আজি সদৌ অৰুনাচল প্ৰদেশ ছাত্ৰ সন্থাই ১২ ঘণ্টীয়া অৰুনাচল প্ৰদেশ বন্ধৰ আহ্বান জনাইছে।

আজি বন্ধৰ প্ৰভাৱ পূৱ চিয়াং জিলাত ব্যাপক ৰূপত পৰা দেখা গৈছে। পূৱ চিয়াং সদৰ পাছিঘাত, ৰূকচিন মহকুমাৰ লগতে নাৰী মহকুমাতো সকলো দোকান-পোহাৰ বন্ধ থাকে। যাৰ ফলত অসম-অৰুণাচল সীমান্তৰ ৰূকচিন আৰু জোনাইত অসম অৰুণাচললৈ যোৱা শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে৷

ইফালে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই কেন্দ্ৰ চৰকাৰক সকিয়াই দিছে যে কেন্দ্ৰ চৰকাৰে চাকমা আৰু হাজং লোকক যদি অৰুনাচলৰ নাগৰিকত্ব প্ৰদান কৰে তেন্তে ভৱিষ্যতে আৰু জংগী আন্দোলন গঢ়ি তোলা হ’ব৷