অৰুনোদয় সাহিত্য চ’ৰাৰ অধিৱেশন, তিনিগৰাকী সাহিত্যিকক অৰুনোদয় বঁটা

জাজৰিঃ অহা ২৯ অক্টোৱৰত নগাঁও জিলাত অনুষ্ঠিত হ’ব অৰুনোদয় সাহিত্য চ’ৰাৰ ২০১৫-১৭ বৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ অধিৱেশন। ইতিমধ্যে ভাষা সাহিত্য সংস্কৃতি চৰ্চাৰ অন্যতম অনুষ্ঠানটোৰ অধিবেশন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷

২০০৯ বৰ্ষত গঠন হোৱা এই সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানটোৱে প্ৰতি দুবছৰৰ মূৰে মূৰে ভাষা-সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তিনিগৰাকী লেখক-লেখিকালৈ বঁটা আগবঢ়াই আহিছে। এইবেলি এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে প্ৰৱন্ধকাৰ, নগাঁৱৰ কবি তথা সাংবাদিক মুৰুলি বৰুৱা, গল্পকাৰ লেখিকা স্মৃতা কলিতা আৰু কবি মনোজ শৰ্মাই।

বঁটা প্ৰাপকক অহা ২৯ অক্টোৱৰত নগাঁও জিলা কমলাদেৱী তোডী স্মৃতি ভৱন প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া অৰুনোদয় সাহিত্য চ’ৰাৰ অধিৱেশনত আনুষ্ঠানিক ভাৱে বঁটাসমূহ প্ৰদান কৰিব বুলি চ’ৰাৰ সম্পাদক মৃদু পৱন বৰাই জানিবলৈ দিয়ে। অনুষ্ঠানত বিশিষ্টা সাহিত্যিক ড০ জয়শ্ৰ গোস্বামী মহন্ত, বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ৰাতুল চন্দ্ৰ বৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ঠ ব্যক্তি উপস্থিত থাকিব।