সুৱাগপুৰত বিদ্যুত বিভাগৰ অভিযানত ধৰা পৰিল অবৈধ ট্ৰেন্সফৰ্মাৰ, গ্ৰাহকক জৰিমনা

The Financial Express
The Financial Express

ৰঙিয়াঃ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্ব আৰক্ষী থানা এলেকাৰ সুৱাগপুৰত বিদ্যুৎ বিভাগে তিনিটা অবৈধ ট্ৰান্সফৰ্মাৰ ধৰা পেলাবলৈ সক্ষম হয়৷ ৰঙিয়া বিদুৎ সংমণ্ডলৰ অধিনৰ সুৱাগপুৰত মঙলবাৰে বিদ্যুৎ বিভাগে অভিযান চলাই তিনিটা অবৈধ ট্ৰেন্সফৰ্মাৰ ধৰা পেলাই গ্ৰাহকক জৰিমণা বিহে বুলি জানিবলৈ দিয়ে ৰঙিয়া বিদ্যুৎ সংমণ্ডল কৰ্তৃপক্ষই৷ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পৰিয়ালে নিজাববীয়াকৈ তিনিটা ট্ৰেন্সফৰ্মাৰ বহুৱাই বিদ্যুতৰ সুবিধা লৈ আছিল৷

অসম ৰাজ্যিক বিদ্যুৎ বিতৰন কোম্পানী লিমিটেডৰ ৰঙিয়া চক্ৰৰ ডি জি এম অৰূপ বৰুৱাৰ নেতৃত্বত বিষয়াৰ দল এটাই অভিযান চলাই মঙলবাৰে বিদ্যুতৰ অবৈধ সংযোগ লৈ থকা কাৰ্য ধৰা পেলায়৷ বিদ্যুৎ বিভাগৰ ভিজিলেঞ্চৰ দল এটাও অভিযান কালত উপস্থিত থাকে৷ বিদ্যুৎ বিতৰণ কোম্পানীৰ ৰঙিয়া উপ সংমণ্ডল-১ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হেমেন মেধিয়ে জানিবলৈ দিয়া মতে, ট্ৰেন্সফৰ্মাৰ ধৰা পেলোৱাৰ পিছতেই ৰাইজ ওলাই আহি বিদ্যুৎ বিভাগৰ বিষয়াৰ সৈতে ৰাইজ আলোচনাত বহে৷

আলোচনাৰ অন্তত অবৈধ ভাৱে বিদ্যুৰ সংযোগ লৈ থকা লোকসকলে বৈধ গ্ৰাহক হিচাপে স্বীকৃতি দিবলৈ অনুৰোধ জনায় বিদ্যুৎ বিভাগৰ লোকক৷ ৰাইজৰ সৈতে আলোচনা অন্তত বিভাগটোৱে সকলো পৰিয়ালকে বিদ্যুৎ বিভাগৰ বৈধ গ্ৰাহক হিচাপে স্বীকৃতি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিন্তু বিভাগটোৰ তৰফৰ পৰা গ্ৰাহকসকলক ইমান দিনে বিল পৰিশোধ নকৰাকৈ বিদ্যুত সংযোগ লৈ থকা বাবে জৰিমনা বিহে৷

ৰঙিয়া মহকুমাৰ অন্যান্য প্ৰান্তৰ অবৈধ বিদ্যুৎ সংযোগৰ ক্ষেত্ৰতো অচিৰেই কাৰ্যব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীয়ে৷ ইফালে এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যৰ ভিত্তিত ৰঙিয়া মহকুমাৰ বিভিন্ন প্ৰান্তত অৱস্থিত কম ভল্টেজৰ ট্ৰেন্সফৰ্মাৰসমূহৰ উপৰি বিদ্যুতৰ তাৰসমূহ অনতিবিলম্বে সলনি কৰাৰ ব্যৱস্থা হাতত লোৱাৰ কথাও সদৰী কৰে বিষয়াগৰাকীয়ে৷