
চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিত আজি আশাকৰ্মীসকলে এক প্ৰতিবাদী সমদল উলিয়ায়। আশা কৰ্মীসকলৰ সমস্যা সমাধানৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত এইদৰে ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম আশাকৰ্মী সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী, স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালককে প্ৰমূখ্য কৰি মিছন কাৰ্য্যালয়ৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়ববীয়াৰ লগত কেইবাবাৰো আলোচনাত মিলিত হৈছিল।
পুনৰ ৪ মাৰ্চ ২০১৭ ত অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ লগত হোৱা আলোচনা মৰ্মে চৰকাৰে ইতিপূৰ্বে ঘোষণা কৰা ২০১৩ চনৰ পৰা আশাকৰ্মীসকলৰ ৰৈ যোৱা বকেয়া (মাহিলী ১০০০/-টকাকৈ) আদায় দিয়াৰ লগতে উক্ত ১০০০/-টকা মাহিলী দৰমহাৰ লগত সংলগ্ন কৰি নিয়মীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।
কিন্তু উক্ত সিদ্ধান্ত কাৰ্যকৰী নোহোৱাত পুনৰ ১১জুলাইৰ ২০১৭ ত আলোচনা হয়। বাৰংবাৰ একেটা কামকে কৰিবলৈ হেঁচা দিয়াত সন্থাৰ লগতে আশাকৰ্মীসকল অত্যন্ত ক্ষোভিত হয়। এয়া সন্থা তথা অসমৰ কৰ্মৰত ৩১,৮৫২ গৰাকী আশাকৰ্মীক চূড়ান্তভাৱে অপমানিত কৰা হৈছে বুলি আশাকৰ্মীৰ বিষয়ববীয়াই জনায়।
সেয়েহে আশাকৰ্মীসকল বাৰে বাৰে প্ৰতাৰিত হোৱাত বাধ্য হৈ সন্থাই কৰ্ম বিৰতি আৰু আৰু অসমৰ জিলাসমূহৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়।