
ডিব্ৰুগড়ঃ ২০১৬ বৰ্ষত জন্ম গ্ৰহণ কৰা ৰাজ্যৰ যুৱ প্ৰজন্মৰ ব্যতিক্ৰমী মঞ্চ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ অসম নামৰ সংগঠনটোৰ জন্ম হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ৷ এখন জন-জাগৰণ সভাৰ সমূহীয়া সিদ্ধান্ত মৰ্মে গঠন হৈছিল অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ, অসমৰ।
জাতি-মাটি-ভেটিৰ সপোন দেখুৱাই দিছপুৰৰ গাদী দখল কৰা জাতীয় নায়কৰ দ্বাৰা পৰিচালিত চৰকাৰখনে শাসনৰ বাঘজৰী হাতত লৈয়ে খিলঞ্জীয়াৰ সত্ত্বা শেষ কৰিবলৈ যিবোৰ জাতীদ্ৰোহী সিদ্ধান্ত গ্ৰহণ কৰিছে সেইবোৰৰ ভিতৰত এক মাৰাত্মক বাস্তৱ দলিল হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬। এই মন্তব্য অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈ আৰু মহাসচিব অৰিন্দম শদিয়াখোৱাৰ৷
এক বিবৃতি যোগে সংগঠনটোৱে ৰাজ্য আৰু কেন্দ্ৰৰ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কক কোনো কাৰণত অসমত প্ৰযোজ্য হ’ব দিয়া নহ’ব বুলি কয়৷ একেটা বিবৃতিৰ জৰিয়তে এই বিধেয়কৰ জৰিয়তে বিদেশী ৰাষ্ট্ৰত নিৰ্যাতিত হোৱা লাখ-লাখ হিন্দু শৰণাৰ্থীক ভাৰতবৰ্ষত সংস্থাপিত কৰা হ’ব।
যাৰ জৰিয়তে অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্যসমূহৰ বিপদাপন্ন খিলঞ্জীয়াই নিজৰ মাটিতে সংখ্যালঘুত পৰিণত হ’ব বুলি চিন্তা জাহিৰ কৰে৷ অসম ভূ-খণ্ডত পূৰ্বৰে পৰা বসবাস কৰি অহা খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ককা-আজো ককা সকলে যথেষ্ট কষ্ট আৰু মৰণপন ত্যাগৰ বিনিময়ত তেওঁলোকৰ উত্তৰ প্ৰজন্মই সুখে-শান্তিৰে এই ভূ-খণ্ডত বসবাস কৰিবলৈ সুনিৰ্দিষ্ট ভাষা-সংস্কৃতি, ভূ-সীমা ৰাখি থৈ গৈছে।
জাতিৰ মহান বীৰ আৰু শ্বহীদৰ ৰক্ত আৰু জীৱন বিজড়িত ত্যাগ আৰু আদৰ্শক সন্মান জনাই প্ৰতিজন অসমীয়াই স্বৈৰাচাৰী আৰু জাতিদ্ৰোহী চৰকাৰখনৰ জাতিধ্বংসী সিদ্ধান্তৰ বিপক্ষে থিয় দিবলৈ অাহবান জনাই সংগঠনটোৱে।
যোৱা বিধানসভা নিৰ্বাচনত যি আশা-আকাংক্ষা বুকুত বান্ধি পৰিৱৰ্তনৰ আশাৰে ভোটদান কৰিছিল, এতিয়া সেই প্ৰতিশ্ৰুতি হিতে বিপৰীত হোৱা দেখা গৈছে। অসমৰ ৰাইজে মাৰ বান্ধি ওলাই আহক আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰক প্ৰত্যুত্তৰ দিয়ক৷ অসমীয়াই অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থতহে বিজেপিক ভোটদান কৰিছিল, অন্য ৰাষ্ট্ৰৰ হিন্দু শৰণাৰ্থীৰ সুখ-দুখৰ স্বাৰ্থত নহয়।
সংগঠনটোৱে একেটা বিবৃতি যোগে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক সকীয়াই দি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰাৰ দাবী জনায়। বিধেয়কখন আইনত পৰিণত হলেই অসমত চৰকাৰৰ বিৰুদ্ধে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷
তেতিয়া চৰকাৰ তথা প্ৰশাসন সম্পূৰ্ণৰূপে জগৰীয়া হ’ব লাগিব। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অগপই বিজেপিৰ সৈতে মিত্ৰজোঁট ভংগৰ হুংকাৰ সময়োপযোগী। এই হুংকাৰ যদি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ইছ্যু নহয়, তেন্তে সেয়া জাতিয়তাবাদী শিবিৰৰ বাবে সু-খবৰ বুলি কয় সংগঠনটোৱে৷