বহু পলমকৈ হলেও সাৰ পালে অসম সাহিত্য সভাই, প্ৰতিখন জিলাত শুনানি অনুষ্ঠিত কৰাৰ দাবী

newsnextone.comতেজপুৰঃ বহু পলমকৈ হলেও অৱশেষত সাৰ পালে অসম সাহিত্য সভাই৷ অসমৰ একমাত্ৰ জাতীয় সংগঠন বুলি দাবী কৰা অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নকৰাত বিভিন্ন দল-সংগঠনে প্ৰশ্ন উত্থাপন কৰাত অৱশেষত মঙলবাৰৰ পৰা সষ্টম হৈ পৰিছে অসম সাহিত্য সভা৷ 

৭ মে’ত যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত অসম সাহিত্য সভাই উপস্থিত নথকাত ৰাইজে ক্ষোভিত হৈ পৰাৰ মাজতে শোণিতপুৰ জিলা সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজপুৰত বুধবাৰে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ জনায়৷ 

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যক প্ৰতিবাদ জনায় এই আইন বলবৎ কৰিব বিচৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ দেশৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰীক দেশত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াটো মানি নলও বুলি কয় শোণিতপুৰ সাহিত্য সভাই। 

কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে অসমত হিন্দু বাংলাদেশীৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত বাতিল নকৰিলে বিভিন্ন জাতীয় দল-সংগঠনেৰে মিলি তীব্ৰ আন্দোলনৰ পোষকতা কৰে সাহিত্য সভাই৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডিমচান্দ বৰদলৈ, বিশিষ্ট সাহিত্যিক পুনেশ্বৰ নাথ, চাৰু চহৰীয়া নাথ, বংকিম শৰ্মা, পুলিন ভট্টাচাৰ্য, যাদৱ শৰ্মা আদি কৰি বিশিষ্ট লোকসকলৰ উপস্থিত থাকি চৰকাৰৰ এনে কাৰ্যক একেমুখে ধিক্কাৰ দি যুটীয়া সংসদীয় সমিতিক প্ৰতিখন জিলাত শুনানি অনুষ্ঠিত কৰাৰ দাবী জনায়৷