ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যাব, তথাকথিত অসমীয়া বিষয়াহে অসমীয়া ভাষাৰ পৰিপন্থী

তেজপুৰঃ অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যাব বুলি আশংকা ব্যক্ত কৰিলে অসম সাহিত্য সভাই৷ দেওবাৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেজপুৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ অসমৰ পৰিস্থিতি গণতান্ত্ৰিক হৈ নাথাকিব বুলি আশংকা ব্যক্ত কৰে৷ 

পৰমানন্দ ৰাজবংশীয়ে কয় ‘‘যদি অসম-ভাৰত চৰকাৰে জোৰকৈ বাংলাদেশী অসমক জাপি দিয়ে তেন্তে পৰিস্থিতি গণতান্ত্ৰিক হৈ নাথাকে৷ হিন্দু নাগৰিক সংস্থাপনৰ সিদ্ধান্তক আমি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকে নস্যাৎ কৰিছো৷ কাৰ্যনিৰ্বাহকে নস্যাৎ কৰাৰ পিছত আৰু কোনো তথা নাথাকে৷ যিহেতু এই খন চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী জাতীয় জীৱনৰ পৰা আহিছে, নিশ্চয় তেওঁ অসমত বাংলাদেশী জাপি দিয়াটো নিবিচাৰিব৷’’

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ফলকত অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দক্ষিণৰ বিষয়াসকলে মাতৃ ভাষাক মাতৃৰ দৰে শ্ৰদ্ধা কৰে বুলি কয়৷ এই বিষয়া সকলে অসমীয়া ভাষা প্ৰয়োগৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা বুলি কয়৷ 

একাংশ তথাকথিত অসমীয়া বিষয়াইহে ইয়াৰ পৰিপন্থী৷ দক্ষিণৰ বিষয়াই আজিও নিজৰ ভাষাত চহী কৰে বুলি কৈ আমাৰ অসমীয়াসকলে বিষয়াই কিয় অসমীয়া ভাষাত চহী নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত তেজপুৰৰ জ্যোতি ভাৰতীত অনুষ্ঠিত এটি গ্ৰন্থ উন্মোচন অনুষ্ঠানত অংশ লৈ পৰমানন্দ ৰাজবংশীয়ে এই মন্তব্য প্ৰকাশ কৰে দেওবাৰে৷