অসমত কলা দিৱস পালন, বিহুৰ মাজতে দিল্লীত অনুষ্ঠিত সংসদীয় সমিতিৰ বৈঠকক অবৈধ আখ্যা

ডিব্ৰুগড়/তিনিচুকীয়া/বাইহাটা চাৰিআলি/যোৰহাট/গোলাঘাট/গোৱালপাৰা/গুৱাহাটীঃ অসমৰ কেইটামান সংগঠনক দিল্লীলৈ মাতি নি মঙলবাৰে যুটীয়া সংসদীয় সমিতিয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷ দিল্লীৰ সংসদ ভৱনত মঙলবাৰে পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত বৈঠকত ৰাজ্যৰ ১২টা সংগঠনে অংশ লোৱা বুলি জানিব পৰা গৈছে৷ যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ 

ৰঙালী বিহু চলি থকাৰ সময়তে এই বৈঠক অনুষ্ঠিত কৰাৰ লগতে অসমৰ পৰিৱৰ্তে দিল্লীত বৈঠক অনুষ্ঠিত কৰাত সোচ্চাৰ হৈ পৰিছে একাংশ দল-সংগঠন, বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিক৷

কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি অসমীয়াৰ মত গ্ৰহণ কৰাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ 

অসমীয়াৰ জাতীয় উৎসৱ চলি থকাৰ মাজতে আৰু ৰঙালী বিহুক লৈ অসমৰ ৰাইজে ব্যস্ত হৈ থকাৰ সময়তে কিয় দিল্লীত বৈঠক অনুষ্ঠিত কৰা হ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে৷ উজনি-নামনিৰ লগতে গুৱাহাটী মহানগৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ সমস্যাৰ কথা দিল্লীত আলোচনা কিয় কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে৷

ডিব্ৰুগড়, তিনিচুকীয়া, বাইহাটা চাৰিআলি, যোৰহাট, গোলাঘাট, গোৱালপাৰা, আৰু গুৱাহাটী মহানগৰীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীত বৈঠক অনুষ্ঠিত কৰা কাৰ্যত ধিক্কাৰ দিয়ে৷ অসমত বিদেশী কোনো কাৰণত সংস্থাপন কৰিব দিয়া নহয় বুলি কোৱাৰ লগতে অসমৰ সমস্যাৰ কথা অসমত আলোচনা কৰাৰ লগতে বিহুৰ মাজত অনুষ্ঠিত বৈঠকৰ অবৈধ ঘোষণা কৰে৷ চৰকাৰকো এই বৈঠকক অবৈধ আখ্যা দিয়াৰ দাবী জনায়৷

 

কলাবেজ পৰিধান কৰি কৃষক মুক্তিৰ নেতা কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ৰাজ্যৰ ৰাজ পথ উত্তাল কৰি তোলে৷ বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিকে নাগৰিকত্ব আইন সংশোধন কাৰ্যৰ বিৰোধীতা কৰাৰ লগতে দিল্লীত বৈঠক অনুষ্ঠিত কৰা কাৰ্যৰ বিৰোধিতা কৰে৷

উল্লেখ্য যে, ১২ এপ্ৰিল অৰ্থাৎ যোৱা বৃহস্পতিবাৰে অসমৰ একাংশ বচা বচা দল-সংগঠনৰ সাক্ষ্য ল’বলৈ সংসদীয় যুটীয়া সমিতিয়ে দিল্লীলৈ মাতিছিল যদিও হঠাৎ এই কাৰ্যসূচী স্থগিত ৰাখে চৰকাৰে৷ সাক্ষ্য গ্ৰহণৰ বাবে ১২ এপ্ৰিলৰ পৰিৱৰ্তে ১৭ এপ্ৰিলৰ দিন ধাৰ্য কৰে৷ দিন ধাৰ্য কৰাৰ পিছৰে পৰা অসমৰ দল-সংগঠনে অসমৰ সকলো দল-সংগঠনৰ মত গ্ৰহণৰ লগতে সংসদীয় যুটীয়া সমিতিক অসমলৈ আহি সাক্ষ্য গ্ৰহণৰ দাবী জনাইছিল৷

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব বিচৰাৰ পিছৰে পৰা ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ্যৰ জনগণৰ জনমত অগ্ৰাহ্য কৰি কেৱল ভোটৰ স্বাৰ্থত শাসকীয় দলটোৱে অসমৰ মাটিত বিদেশীক বহুৱাবলৈ কুচকাৱাজ চলাই আহিছে বুলি অভিযোগ উত্থাপন হয়৷ ৰাজ্যৰ ৰাজ পথ উত্তাল কৰি ৰখাৰ পিছতো অসমৰ জনগণৰ ৰায় লব নিবিচাৰি গোপনে বিদেশী সংস্থাপনৰ চেষ্টা চলাই গৈছে বুলি অভিযোগ উত্থাপন হয়৷  

কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি দল-সংগঠন, বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিকে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি জনগণৰ সাক্ষ্য ল’বলৈ দবী জনাই চৰকাৰে অসমৰ ৰাইজৰ মতক উপেক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰে৷