No ST-No Rest, বিজেপিয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব কেতিয়া?

dhananjaynath
dhananjaynath

newsnextone.com | গুৱাহাটীঃ অনিশ্চয়তাত অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ৷ শেহতীয়াকৈ ভাৰ চৰকাৰে প্ৰকাশ কৰা মতে, কেন্দ্ৰ চৰকাৰৰ হাতত নাই অসমৰ ৬ জনগোষ্ঠীৰ সাংস্কৃতিক, ভাষীক কোনো তথ্য৷ এটি জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ বাবে যিমান খিনি সমল লাগে সেয়া অসম চৰকাৰে তেনে কোনো তথ্য কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ক জমা দিয়া নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ মুঠৰ ওপৰত অসম চৰকাৰে যোৱা ২৫ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰক ৬ জনগোষ্ঠীৰ কোনো তথ্য জমা দিয়া নাই৷

বৃহস্পতিবাৰে দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি জনাজতি মন্ত্ৰালয়ে ভাৰবৰ্ষত এটা জনগোষ্ঠীক জনজাতিকৰণ কৰবিলৈ প্ৰায় ৪০ বছৰৰ প্ৰয়োজন বুলি কয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় অসমৰ ৬ জনগোষ্ঠীক জনজাতিকণ কৰিবলৈ ৪০ বছৰৰ প্ৰয়োজন হ’ব৷ দেশৰ জনজাতি আয়োগ, মহাপঞ্জীয়কৰ অনুমোদন, ৰাজ্য চৰকাৰৰ অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে জনজাতিকৰণ হয় বুলি খোদ মন্ত্ৰীয়ে উল্লেখ কৰে। অসমৰ ৬ দনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰে ইচ্ছা প্ৰকাশ নকৰাৰ কথাটোৱে ওলাই পৰে৷

কিয়নো বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি দিছিল ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ৷ যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷ 

জনগোষ্ঠীকেইটাক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় সংগঠনৰ নেতাৰ নেতৃত্বত ৰাজপথ কঁপাই তুলিছিল জনজাতিকৰণৰ দাবীত৷ জনগোষ্ঠীসমূহৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত তেজ দিম তথাপিও জনাজতিকৰণ লৈহে এৰিম বুলি শ্ল’গান দিছিল নেতাসকলে৷ নেতাসকলৰ আহ্বানত হাজাৰ হাজাৰ নিজ জনগোষ্ঠীৰ লোক ৰাজপথলৈ ওলাই আহিছিল৷ চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল৷ চৰকাৰে বাৰে বাৰে আশ্বাস দিছিল যদিও জনগোষ্ঠীসমূহৰ সহজ-সৰল ৰাইজ বাৰে বাৰে জনজাতিকৰণৰ পৰা বঞ্চিত হৈছিল৷ 

ৰাইজে আৱেগেৰে ওলাই আহি জনজাতিকৰণ বিছাৰিছিল৷ ৰাজ পথ কঁপাই চৰকাৰক সকীয়াই দিছিল তোমালোকে আমাক যদি জনজাতিকৰণ নিদিয়া তেন্তে তোমোলোকক আমি শাসনৰ গাদীত নাৰাখো৷ হয়, ৰাইজৰ মতেই হ’ল কংগ্ৰেছৰ চৰকাৰ শাসনৰ পৰা আতৰি যোৱাৰ লগতে ২০১৪ চনত নতুন ৰাজনীতি আৰম্ভ হ’ল৷ ২০১৪ চনত বিজেপিৰ বতাহ বলিল৷ গৰম হ’ল সমগ্ৰ দেশৰ পৰিৱেশ৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশ ব্যাপি কংগ্ৰেছৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলিল৷ 

কংগ্ৰেছ সেই বতাহত থিয় থাকিব নোৱাৰি ধৰাশয়ী হ’ল৷ তাৰ লগে লগে অসমৰ ৬ জনগোষ্ঠীৰ দাবী কৰি অহা নেতৃত্বই ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে বিজেপিৰ সৈতে জনজাতিকৰণৰ দাবীত আলোচনাত বহে৷ আলোচনাত বহাৰ কালত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে কম দিনৰ ভিতৰতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ আশ্বাস দিয়া বুলি প্ৰকাশ কৰিছিল প্ৰতিবাদৰ নেতৃত্ব গ্ৰহণ কৰি অহা নেতৃত্বই৷ 

২০১৪ চনত চৰকাৰ গঠন হ’ল বিজেপিৰ৷ বাৰে বাৰে প্ৰতিবাদী নেতৃত্বই পুনৰ জনজাতিকৰণৰ দাবী জনাই কৰিলে প্ৰতিবাদ৷ নিৰ্বাচনৰ পূৰ্বে চৰকাৰ গঠন কৰিব পাৰিলেই বিজেপিয়ে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বাৰে বাৰে এটাৰ পিছত এটাৰ সমস্যাৰ সৃষ্টি কৰি মাহৰ পিছত মাহ পাৰ কৰি পুনৰ ৫ বছৰ পাৰ হ’বৰ হ’ল৷ ২০১৯ চনত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু ২০১৪ চনৰ পূৰ্বে যিটো গতিত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল তেনেদৰে বিজেপি তথা মোডী চৰকাৰৰ বিৰুদ্ধে ৬ জনগোষ্ঠীৰ নেতৃত্বই প্ৰতিবাদ কৰা দেখা নগ’ল৷ 

গণ অধিকাৰ সংগ্ৰাম সমিতি, আটাছু, মৰাণ ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা আদি সংগঠনে তেনেদৰে প্ৰতিবাদ আগুৱাই নিব নোৱাৰিলে৷ সংগঠনকেইটাই জানিছিল যে ২০১৭ চনৰ ৩০ জুনলৈকে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ অন্তিম সময়সীমা আছিল যদিও মডেলিটিৰ নামত তিলমানো গুৰুত্ব নিদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল ৰাজনীতিহে কৰিলে৷ 

আনহাতে বিজেপি চৰকাৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা বাংলাদেশীয়ে টােপোলা লৈ অসমৰ এৰিব লাগিব বুলি কৈছিল৷ অসমৰ উন্নয়নৰ মাপকাঠি তৈয়াৰ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছিল৷ মাজুলীক সুৰক্ষিত কৰা, ৰাস্তা-ঘাটৰ উন্নয়ন কৰা, নতুন উদ্যোগনীতি গ্ৰহণ কৰা, বানপানী-গৰাখহনীয়া ৰোধ কৰা, দৰিদ্ৰৰ ছাত্ৰ-ছাত্ৰীক ভাল শিক্ষা দিয়া, উপযুক্ত শিক্ষানুষ্ঠান, চিকিৎসালয় গঢ় দিয়াকে ধৰি মানুহৰ কল্যাণ সাধন কৰাৰ কথা আছিল৷

বিজেপি দলটোৱে নিৰ্বাচনৰ সময়ত সকলোতকৈ বেছি জোৰ দিয়া বিষয়টো আছিল বিদেশী বহিস্কাৰ কৰা বিষয়টো৷ অসমক বিদেশী মুক্ত কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ কৈছিল৷ কিন্তু শেহতীয়াকৈ দেখা গৈছে বিজেপিয়ে পাভলুটি মাৰি বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰিব বিচাৰে৷ কিন্তু চৰকাৰ খনে নিৰ্বাচনৰ সময়ত নোকোৱা কথা এটাক লৈ ৰৌজাল-বৌজাল কৰি আছে৷ 

প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কে হিন্দু বাংলাদেশী অসমলৈ আনি সংস্থাপন কৰাৰ সপক্ষে কথা কৈ আহিছে৷ এতিয়া প্ৰশ্ন হৈছে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ চৰকাৰে পাহৰিলে কিয়? যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰাৰ বাবে চেষ্টা কৰিব লাগিছিল চৰকাৰ খনে৷ তেনে নকৰি এটি ভিত্তিহীন কথাৰ পিছত পৰি সমগ্ৰ ইচ্ছ্যু নাইকীয়া কৰিব বিচৰা হৈছে নেকি৷ অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বিষয়টো কিয় তল পৰিল৷ গৰা খহনীয়া ৰোধ কৰাৰ বিষয়টোক চৰকাৰে গুৰুত্ব সহকাৰে নলয় কিয়৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব কেতিয়া৷ যুৱক-যুৱতীৰ সংস্থাপন, উচ্চ শিক্ষাৰ বাবে পৰিৱেশ গঢ় দিব কেতিয়া?