বিধায়ক নিজামৰ বিৰুদ্ধে মহিলাক ধৰ্ষণৰ অভিযোগ, স্বামীক গ্ৰেপ্তাৰ, ৫ লাখ দি গোচৰ উঠাই লোৱাৰ হেঁচা

newsnextone.com | হাইলাকান্দিঃ বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ ইউডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ হাইলাকান্দিৰ মহিলাগৰাকীয়ে নিজ স্বামীৰ সহায়ত বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷ 

শনিবাৰে এটি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মহিলাগৰাকীয়ে দিয়া এটি সাক্ষাৎকাৰত মহিলাগৰাকীয়ে নিজ স্বামীৰ সহায় তেওঁক ধৰ্ষণ কৰা বুলি কয়৷ ন্যায় নাপালে আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰি ৫ লাখ টকা দি বিধায়কগৰাকীয়ে গোচৰ উঠাই লোৱাৰ বাবে হেঁচা দিয়া বুলি কয় মহিলাগৰাকীয়ে৷ 

আনহাতে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে এই ঘটনাৰ সম্পূৰ্ণ মিছা বুলি দাবী কৰি ভাৰতীয় ন্যায় ব্যৱস্থাত সম্পূৰ্ণ বিশ্বাস থকা বুলি কয়৷ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলিও কয় বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে৷ 

আনহাতে শনিবাৰে সন্ধিয়া মহিলগৰাকীৰ স্বামীক গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷  মহিলাগৰাকীৰ স্বামী শ্বাহিদ আহমেদ লস্কৰে মুম্বাইলৈ যোৱাৰ বাবে বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷