
জোনাই/জাগীৰোডঃ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ আমচাং অভয়াৰণ্যৰ পৰা থলুৱা অসমীয়াক অমানবীয় ভাবে উচ্ছেদ কৰাৰ প্ৰতিবাদত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে ৰাজ্যত৷ ১৯ সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবীত বুধবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনায়৷
এই বন্ধৰ ব্যাপক প্ৰবাৱ পৰে উজনি-নামনিত৷ উজনিৰ ধেমাজিকে ধৰি বিভিন্ন জিলাত পুৱাৰে পৰা যান-বাহনৰ চলাচল বন্ধ খকাৰ লগতে শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থকা দেখা যায়৷ আনহাতে মধ্য অসমতো এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায়৷ মৰিগাঁৱৰ জাগীৰোডত পুৱাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত লোক ৰাজ পথলৈ ওলাই আহি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷
তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিকৰ সম্পাদক প্ৰমিশ দাৰফাঙে খোদ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি এইখন চৰকাৰ বেছি দিন নাথাকে বুলি ক্ষোভ উজাৰে৷ এই খন চৰকাৰে জনগোষ্ঠীক বুৰ্বক বনাইছে৷ আমি হাতত তুলি অস্ত্ৰ লম বুলি চৰকাৰক সকীয়াই দিয়া তিৱা জনগোষ্ঠীৰ নেতা প্ৰমিশ দাৰফাঙে৷ আনহাতে নামনি অসমতো বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায়৷
আমচাংৰ খিলঞ্জীয়াক বৰ্বৰ ভাবে উচ্ছেদ কৰাত জাঙুৰ খাই উঠিছে ৰাজ্য খনৰ খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন সমূহ৷ জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈ চৰকাৰ গঠন কৰা অগপ, বিজেপি আৰু বিপিএফ চৰকাৰে খিলঞ্জীয়া চৰকাৰে ভূমিপুত্ৰ মিচিং, কাৰ্বি, বড়োৰ পৰা ভূমি কাঢ়ি নিয়াত ক্ষোভিত হৈ পৰিছে কেইবাটাও সংগঠন৷
তাৰ মাজতে জনজাতি সংগঠন সমূহৰ সম্বন্বয়ৰক্ষী সমিতিয়ে বুধবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰে৷ আমচাং বনাঞ্চলত থলুৱা জনজাতি লোকক প্ৰশাসনে উচ্ছেদ চলোৱাৰ প্ৰতিবাদত আৰু পুনৰ সংস্থাপন দিয়াৰ দাবীত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ জোনাইতো পৰা দেখা যায়৷ আনহাতে এই বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীত পৰা দেখা নাযায়৷