
newsnextone.com | গোৰেশ্বৰঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ দাবীত সোমবাৰে কোচ-ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান কৰা ২৪ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত বাক্সা জিলাৰ গোৰেশ্বৰ-নাওকাটাত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
গোৰেশ্বৰ জ্যোতিনগৰ চ’ক আৰু নাওকাটাতো আক্ৰাছুৰ সদস্যসকলে টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ তীব্র প্ৰতিবাদ জনায়। বন্ধ সমৰ্থকসকলে কমতাপুৰ গঠন কৰক, কোচ-ৰাজবংশীক জনজাতিকৰণ কৰক, বিজেপি চৰকাৰ হায়-হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।
গোৰেশ্বৰ আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, যদিহে বিজেপি চৰকাৰে কোচ-ৰাজবংশীসকলকৰ নায্য দাবী মানি নলয়, তেন্তে অনাগত দিনত আক্ৰাছুৱে আন্দোলন তীব্রতৰ কৰি তুলিব।
ইফালে, পূব ডেফেলি আঞ্চলিক আক্ৰাছুৰ সদস্যসকলে নাওকাটা, সুৱাগপুৰ, বাঙালীপাৰা, আঠাৰীঘাট আদি অঞ্চলত মটৰ চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷
ইপিনে, বন্ধৰ সময়ছোৱাত গোৰেশ্বৰ, মহৰিপাৰা, নাওকাটা, বাঙালীপাৰা আদি অঞ্চলত দোকান-পোহাৰ, কাৰ্যালয়, যান বাহন আদি বন্ধ থকা দেখা গৈছে।