অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ স্মৃতিত বৰপেটাত স্বাভিমান দিৱস

বৰপেটাঃ অসমীয়া জাতিক বিশ্বৰ দৰবাৰত উজলাই তুলিবলৈ কুৰি শতিকাত এগৰাকী অসমীয়াই বিভিন্ন প্ৰকাৰে সেৱা আগবঢ়াইছিল৷ যিগৰাকী অসমীয়াই ওৰে জীৱন জাতিৰ হকে কাম কৰিছিল৷ হয়, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ কথাকে কৈছো৷

একাৰাহে সুপ্ৰসিদ্ধ কবি, কন্ঠশিল্পী, আগশাৰীৰ লেখক, সংবাদিক, আলোচনী সম্পাদক, নিভাজ স্বদেশপ্ৰেমি, দহৰ বাবে সেৱা স্বাধীনতা সংগ্ৰামী অম্বিকাগিৰী ৰায়চৌধুৰীক অসমীয়া জাতিয়ে সদায় স্মৰণ কৰি থকাৰ লগতে তেওৰ আদৰ্শ আগত লৈ আগবাঢ়িব লাগিব৷ ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে কাম কৰা অসম কেশৰীয়ে ১৯৫০ চনত অসম সাহিত্য সভাৰ সভাপতি পদো অলংকৃত কৰে৷

১৯৬৭ ২ জানুৱাৰী মৃত্যুবৰণ কৰা ৰায়চৌধুৰীৰ মৃত্যু দিনটোত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰক স্মৰণ কৰিব বৰপেটা জিলাবাসীয়ে৷ বৰপেটা জিলা পুথিভড়ালত অহা ২ জানুৱাৰীত জাতীয় স্বাভিমান দিৱস পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক ছাত্র সস্থাৰ সহযোগত অনুষ্ঠিত হ’ব জাতীয় স্বাভিমান দিৱস৷

কাৰ্যসূচী অনুসৰি ২ জানুৱাৰীৰ পুৱা ১০বজাত খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ পতাকা উত্তোলন কৰিব সংগঠনটােৰ মুখ্য আহ্বায়ক গোবিন্দ গায়নে। ২ বজাত ১০০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হ’ব ১০০খন পতাকা। অনুষ্ঠানত অসম কেশৰীক জ্ঞাপন কৰা হ’ব ৰাজহুৱা শ্রদ্ধাঞ্জলি।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব “কিয় এই জাতীয় স্বাভিমান দিৱস” শীর্ষক বিশেষ অনুষ্ঠানত অংশগ্রহণ কৰিব সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি প্রমোদ বড়ো, আলফাৰ কর্ম নিৰ্ধাৰণ পৰিষদৰ সদস্য জিতেন দত্ত, আক্রাছুৰ প্রাক্তন সভাপতি হিতেশ্বৰ বর্মন আৰু কলাগুৰু বঁটাপ্রাপ্ত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্রই।

বিশেষ অনুষ্ঠানৰ মাজতে ‘দেশৰ কথা কও’ শীর্ষক অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ স্বৰলিপিৰ গ্রন্থ উন্মোচন কৰিব বিশিষ্ট শিল্পী পুলক বেনাৰ্জী আৰু সুলেখিকা তথা জনপ্রিয় কণ্ঠশিল্পী ড০ পৰিণীতা গোস্বামীয়ে।

বিয়লি ৫ বজাত জিলা পুথিভঁৰালৰ পৰা পাঁচআলি চকলৈ উলিয়াব লগা জাতীয় স্বাভিমান সমদল উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই। জাতীয় স্বাভিমান দিৱসৰ আয়োজক সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, কাৰ্যকৰী সভাপতি দেৱৰাজ দাস, মুখ্য সম্পাদক অশোক কুমাৰ দাস, খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ মুখ্য আহ্বায়ক গোবিন্দ গায়ন আৰু আহ্বায়ক অনিল কুমাৰ দাসে জাতীয় স্বাভিমান দিৱসৰ কার্য্যসূচীত ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি কামনা কৰে।