
ওদালগুৰিঃ প্ৰতিজন অসমীয়াৰ মনত বিহু বুলিলেই এক সুকীয়া অনুভৱে গা কৰি উঠে। স্বদেশতেই হওক বা বিদেশতেই হওক, বিহু পালন কৰিব নোৱাৰিলে হাঁহাকাৰ কৰি উঠে অসমীয়াৰ দেহ-মনে। সেয়ে হাজাৰ ব্যস্ততাকো নেওচি সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও বাপতি সাহোন বিহু পালন কৰে অসমীয়াই।
ৰাজ্যৰ জকাইচুক, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীৰ ব্যাপক উলাহ। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।
অসমীয়াৰ বাপোতি সাহোন বহাগৰ বিহু অসমৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়াই পালন কৰিছে৷ সমান্তৰালকৈ ৰঙালীৰ ব্যাপক উচাহ দেখা গ’ল চুবুৰীয়া দেশ ভূটানত।
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ৰংজালী বৈশাগু পৰিৱেশন দৃশ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল পৰ্যটকৰ বাবে। অসমৰ ওদালগুৰি সদৰৰ পৰা প্ৰায় ১৮ কিল'মিটাৰ উত্তৰে ভৈৰৱকুণ্ডৰ সমীপৰ ভাৰত-ভুটান সীমান্তৰ চামদ্ৰুপ জোংখাৰ জিলাৰ জমোৎচাংখা নামৰ ভূটানৰ এলেকাত দেখা গ'ল বড়োসকলৰ বাগুৰুম্বা নৃত্যৰ অপূৰ্ব দৃশ্য।
কনমানিৰ পৰা আৰম্ভ কৰি মহিলা, যুৱক-যুৱতী সকলোৱে অংশ ল'লে নৃত্যত। অৱশ্যে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা দলটো অসমৰ ওদালগুৰি জিলাৰ পৰা ভুটানলৈ প্ৰতিবছৰে বিহু নাচিবলৈ যায়৷ কেৱল বহিঃৰাজ্যতেই নহয় অসমৰ জাতীয় উৎসৱ বিহু ভূটানত পালন কৰা পৰিলক্ষিত হৈছে।
সীমন্তৰ ভূটানৰ পৰিয়াল সমূহৰ ঘৰে ঘৰে গৈ বড়ো জনগোষ্ঠীৰ ভূটান নৃত্য পৰিৱেশন কৰা দেখা গ’ল মঙলবাৰে। আনহাতে ভূটানৰ বাসিন্দাসকলেও নৃত্য উপভোগ কৰাৰ লগতে দলটোক মাননি প্ৰদান কৰে। দলটোৰ সমান্তৰালকৈ পৰ্যটকসকলেও ভাগ লয় এই বাগুৰুম্বা নৃত্যত। বিণিজ্যিক সম্পৰ্কৰ সমান্তৰালকৈ সংস্কৃতিৰ সম্পৰ্কও গঢ়ি উঠা দেখা গ'ল ৰাষ্ট্ৰ দুখনৰ মাজত।