
নগাওঁঃ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন। ৰাজ্যৰ জকাইচুকু, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।
মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে অসমীয়াৰ পদূলি৷
এই দেহ-মন উজ্বলি উঠা ব’হাগ বিহুৰ এক অবিচ্ছেদ্য অংগ হৈছে কপৌফুল৷ ঢুলীয়াৰ ঢোল-পেঁপাৰ শব্দত নাচি উঠা নাচনীৰ খোপা ব’হাগৰ বতৰত শুৱনি কৰে মনোমোহা কপৌফুল পাহে৷ কপৌফুল আকৌ পবিত্ৰতাৰো প্ৰতীক।
বসন্তৰ আগমনৰ লগে লগে ফাগুণে নাঙঠ কৰা গছ-গছনিয়ে ন কুঁহিপাত মেলি, ন সাজ পৰিধাণ কৰি জাতিস্কাৰ হোৱাৰ পিছত সাধাৰণতে চ’ত মাহৰ মধ্যভাগৰ পৰাই গছৰ খোৰোঙত ফুলি উঠা দেখা যায় কপৌফুল। কিন্তু বিহুৰ লগত নিবিড় সম্পৰ্ক থকা এই কপৌফুল সম্প্ৰতি পাবলৈ নোহোৱা হৈ আহিছে।
পূৰ্বতে অসমৰ প্ৰায় প্ৰতিখন হাবি-বননিতে অতি সহজতে দেখিবলৈ পোৱা কপৌফুল বৰ্তমান সময়ত ক্ৰমাৎ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে ৷ যাৰ ফলত চাহিদা অনুপাতে ই পৰ্যাপ্তৰূপত উপলব্ধ নোহোৱাত লাহে লাহে ইয়াৰ বিকল্প হিচাপে প্লাষ্টিকৰ কপৌফুলে ৰাজ্যৰ বজাৰ দখল কৰা পৰিলক্ষিত হৈছে।
সেয়ে এতিয়া বহু বিহুৱাই প্ৰকৃতিৰ কপৌফুল বিচাৰি নাপাই বজাৰত সহজতে পোৱা কৃত্ৰিম প্লাষ্টিকৰ কপৌফুলকে নাচনিৰ খোপাত অনিচ্ছাসত্বেও গুজি দিবলৈ বাধ্য হৈছে ৷ এইবাৰো ব’হাগ বিহুৰ দিন চমু চাপি অহাৰ লগে লগে বজাৰ ভৰি পৰিছে কৃত্ৰিম ভাবে আটকধুনীয়াকৈ তৈয়াৰ কৰা কপৌফুলে।
অসমীয়া লোক-সংস্কৃতিৰ সৈতে সম্পৰ্ক থকাৰ লগতে ঔষধি গুণো সন্নিবিষ্ট হৈ থকা প্ৰকৃতিৰ অনুপম সৃষ্টি কপৌফুল নোহোৱা হ’বলৈ ধৰাত অনাগত দিনত ই কালৰ সোঁতত হেৰাই যোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ সেয়ে সময় থাকোতেই দুষ্প্ৰাপ্য হৈ অহা এই কপৌফুলৰ প্ৰজাতিৰ সংৰক্ষণৰ বাবে চৰকাৰ তথা প্ৰকৃতি সংগঠনসমূহে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো আজিৰ তাৰিখত নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে ৷