
newsnextone.com | কোকৰাঝাাৰঃ কোকৰাঝাৰ জিলাৰ দতমা ব্লক কংগ্ৰেছৰ উদ্যোগত ফকিৰাগ্ৰামত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে বিশ্বাসঘাটকতা দিৱস পালন কৰা লগতে চাইকেল সমদল উলিয়াই শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
দেশত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে চাইকেল সমদল উলিয়াই কংগ্ৰেছ নেতা-কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী দামে মানুহক জুৰুলা কৰাৰ অভিোগ উত্থাপন কৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদত কোকৰাঝৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত কংগ্ৰেছ দলে কেইবাসহস্ৰাধিক লোকৰ উপস্থিতিত বিশ্বাসঘাটকতা দিৱস পালন কৰাৰ লগতে গৰু গাড়ী, ঘোৰা গাড়ীত আদিত মটৰ চাইকেল উঠাই প্ৰতিবাদ সাব্যস্ত কৰে।
অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে বিজেপিক কঠোৰ সমালোচনা কৰি কয় যে বিজেপি দলে বিদেশত থকা কলাধন ঘুৰাই অনা, খাদ্য-সামগ্ৰী, পেট্ৰল, ডিজেলৰ মূল্য কমোৱা, দুৰ্নীতি ৰোধ কৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি বিজেপি নেতৃত্বাধিন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰক্ষা নকৰি দেশৰ মানুহক চৰম ভাবে প্ৰতাৰণা কৰিলে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তণ সভাপতি বিশ্বজিৎ ৰায়ে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি দলে পুণৰ আভুৱা ভৰা আৰু মিছা প্ৰতিশ্ৰুতিৰে দেশৰ মানুহক প্ৰতাৰণা কৰি পুণৰাই কেন্দ্ৰত চৰকাৰ গঠন কৰিব বিচাৰিছে যদিও এইবাৰ বিজেপিক দলক দেশৱাসীয়ে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে বিশ্বজিৎ ৰায়ে। কংগ্ৰেছৰ চাইকেল সমদল যাত্ৰাত কংগ্ৰেছৰ গোৱালপাৰাৰ প্ৰাক্তন বিধায়ক শিৱচৰন বসুমতাৰী, ৰাজ্যিক যুৱ কংগ্ৰেছৰ নেতা শম্ভু মণ্ডল সহ কেইবাগৰাকী কংগ্ৰেছী নেতা উপস্থিত থাকে।