বিহাৰত খলকনি লগাইছে অসমৰ অভিনৱ থিয়েটাৰৰ ‘কলাজ অৱ লাইফে’

গুৱাহাটীঃ অসমৰ এখন নাটকে খলকনি লগাইছে বিহাৰত৷ লখিমপুৰ জিলাৰ ফুলবাৰীৰ নাট্যগোষ্ঠী অভিনৱ থিয়েটাৰে বিহাৰৰ আড়া চহৰত অনুষ্ঠিত ছব্দৰ হাছমি নৱাঙকুৰ আন্তঃৰাষ্ট্ৰীয় মুকলি নাট সমাৰোহত “কলাজ অৱ লাইফ” নামৰ নাটখন মঞ্চস্থ কৰি খলকনি লগাবলৈ সক্ষম হৈছে৷ বিহাৰৰ নাট্য প্ৰেমীৰ বিশেষ প্ৰশংসা লাভ কৰাৰ লগতে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

যাৰ ফলত পুণৰ নাট খন মঞ্চস্থ কৰিবৰ বাবে আমন্ত্ৰণ লাভ কৰিছে নাট্যদলটোৱে৷ সামাজিক আৰু ৰাজনৈতিক ঘটনাৰাজিৰ সন্দৰ্ভত দয়াল কৃষ্ণ নাথৰ ৰচনা আৰু পৰিচালনাত কলাজ অৱ লাইফ শীৰ্ষক নাটকখন উপভোগ কৰি বিহাৰৰ দৰ্শক আপ্লুত হয় বুলি জানিব পৰা গৈছে। মুকলি মঞ্চত কেউফালে দৰ্শকৰ ভিৰ আছিল৷ দৰ্শকৰ হাত ছাপৰিত উৎসাহেৰে প্ৰতিগৰাকী অভিনেতাই উল্লাসেৰে অভিনয় কৰিছিল৷

সমাজৰ বাবে ক্ষতিকাৰক বহু ৰাজনৈতিক ঘটনাৰাজিৰ আধাৰত নাটকৰ কাহিনীৰে বাস্তৱ ৰূপ দিয়াৰ চেষ্টা চলাই। নাটকখনত খোল, ঢোল, বৰতাল, নাগাৰা, পেপা আদি লোক বাদ্য আৰু লোকসংগীত প্ৰয়োগেৰে নাটক মঞ্চস্থ কৰা দেখা যায়৷ অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতে সংলাপেৰে নাটকখনত অভিনয় কৰা লখিমপুৰ জিলাৰ শিল্পী দয়াল কৃষ্ণ নাথ, প্ৰবীণ হাজং, মোহিনী মোহন কলিতা, ভাস্কৰ দত্ত, ময়ুৰ কৃষ্ণ শইকীয়া, তীৰ্থ ৰঞ্জন গগৈ, প্ৰনৱ মহন্ত, প্ৰসেনজিৎ শইকীয়া, কাজল শইকীয়া, প্ৰিয়ংকা শইকীয়া আৰু মেঘালী হাজৰিকাই অভিনয় কৰে।

নাট্য মহোৎসৱত কলকাতা, উত্তৰ প্ৰদেশকে ধৰি শ্ৰীলংকাৰ নাটকো মঞ্চস্থ হয়। সহস্ৰাধিক দর্শকৰ মনোযোগ আৰু নাটকেৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱা নাটক খনেৰে সমাজত ৰাজনৈতিক স্খলন, ডাইনীৰ নামত সন্ত্ৰাস, আধুনিকাতাৰ ধামখুমীয়া আন্তঃসর্ম্পক বিঘ্নিত হোৱা পৰিয়াল, বৃদ্ধ পিতৃ-মাতৃৰ তথৈবচ অৱস্থা, মাদক দব্য আৰু যুৱ সমাজৰ স্খলন, বহুজাতিক প্ৰতিষ্ঠানৰ লুণ্ঠন আৰু প্ৰৰোচনাত সৰ্বহাৰা হোৱা সাধাৰণ জনতাৰ দুখৰ ছবিক সমাজৰ আগত দাঙি ধৰৰা চেষ্টা চলাই৷ অহা ১৪ ফেব্ৰুৱাৰীত বিহাৰৰ বেগুচৰাইত অনুষ্ঠিত হ’ব লগা জচম ৰাষ্ট্ৰীয় নাট মহোৎসৱত এই নাটকখন পুণৰ মঞ্চস্থ কৰাৰ বাবেও আমন্ত্ৰণ লাভ কৰে৷