
গুৱাহাটীঃ দেশ তথা ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই অনা অংকুশিতা বড়োক ৰাজ্য চৰকাৰে দিলে পুৰস্কাৰ৷ ৰাজ্য চৰকাৰে অংকুশিতাক ১০ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে৷ ৰাজ্য চৰকাৰে খেলুৱৈইগৰাকীৰ আৰ্থিক দিশ উন্নয়ণ তথা প্ৰশিক্ষণ লৈ আগবাঢ়ি যাবলৈ এই টকা প্ৰদান কৰিব৷ স্বৰ্ণজয়ী অংকুশিতাক অসমৰ একমাত্ৰ আঞ্চলিক দল অসমৰ গণ পৰিষদে ২ লাখ চেক প্ৰদান কৰে৷ অসম গণ পৰিষদে এই টকা দলৰ ফাণ্ডৰ পৰা প্ৰদান কৰে৷
ইতিমধ্যে স্বৰ্ণজয়ী অংকুশিতাক বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৫ লাখ টকা দিয়াৰ ঘোষণা কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এমাহৰ দৰমহা প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷ আনহাতে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই নিজাববীয়াকৈ সহায় কৰিম বুলি কয়৷ অসমৰ বক্সিঙৰ ৰাণী অংকুশিতাই স্বৰ্ণ দখল কৰিবলৈ সক্ষম হয় দেওবাৰে৷ বিশ্ব বক্সিঙৰ ফাইনেলত দপদপাই বক্সিঙৰ ৰিঙত অসমৰ অংকুশিতা বড়োই এই সফলতা লাভ কৰে৷
অসমৰ মেৰিকম হিচাপে খ্যাতি লাভ কৰা অংকুশিতাই চেমি ফাইনেলত থাইলেণ্ডৰ বক্সাৰ থানছনাক হৰুৱাই দেওবাৰে ফাইনেলত হৰুৱালে ৰাছিয়াৰ যুৱ মহিলা খেলুৱৈই একটাৰিনাক। শক্তিশালী ঘোচাৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি জয়ী হোৱা অংকুশিতাই ৬৪ কেজি শাখাত ৰূপ দখল কৰাৰ লগতে স্বৰ্ণ দখল কৰে৷ খেল অনুষ্ঠিত হৈছিল গুৱাহাটী মহানগৰীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত। ষ্টেডিয়ামত অনুষ্ঠিত য়ুথ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত নিজ সাধনা আৰু একগ্ৰতাৰে ফাইনেলত প্ৰবেশ কৰিছিল৷