নলবাৰীৰ কৃষি ফাৰ্মত অসম চৰকাৰৰ অতিৰিক্ত মূখ্য সচিৱ কে কে মিণ্ট্ৰাল

নলবাৰীঃ  নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পাগলদিয়া নৈৰ বুকুত গঢ় লৈ উঠা মৈৰাদঙা অাৰু ধনতোলাৰ দুখন কৈ অাগশাৰী কূষি ফাৰ্মত বুধবাৰে অসম চৰকাৰৰ অতিৰিক্ত মূখ্য সচিৱ তথা কৃষি উৎপাদন অায়ুক্ত কে কে মিণ্ট্ৰাল উপস্থিত হয়। স্থানীয় বিধায়ক অশোক শৰ্মা অাৰু কৃষি বিষয়া সকলক লগত লৈ প্ৰথমে ধনতোলাৰ জৈৱিক কূষি উৎপাদন শীৰ্ষক কৰ্মশালাত অংশ গ্ৰহণ কৰি ধনতোলাৰ জ্যোতি ফাৰ্মাছ ক্লাৱত উপস্থিত হয় অাৰু ফাৰ্ম খন পৰিদৰ্শন কৰে।

অসম চৰকাৰৰ মূখ্য সচিৱ জনে উক্ত ফাৰ্ম খনৰ ৰঙালাউ, কল, অমিতাৰ খেতি পৰিদৰ্শন কৰি যথেষ্ট অাপ্লুত হয় অাৰু কৃষি বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ অাঁচনিত নাম অন্তৰ্ভূক্ত কৰাবৰ বাৱে কৃষি বিষয়া সকলক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতেই মৈৰাদঙাৰ শংকৰ দেৱ জৈৱিক কৃষি ফাৰ্মত উপস্থিত হৈ তেওঁলোকে ৰোপন কৰা ৰঙালাউ, পানীলাউ, মৌচুমী, কল, মধুৰিয়াম অাদি খেতি সমূহ পৰিদৰ্শন কৰি ফাৰ্ম খনৰ অভাৱ-অভিয়োগৰ বিষয়ে বুজ লয়। 

নলবাৰীৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত স্থায়ী বিষয়াৰ অভাৱ সন্দৰ্ভত সাংৱাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিষয়া গৰাকীয়ে কয় যে-এপি এছ চিৰ তদন্ত পক্ৰিয়া চলি থকাৰ বাবে কাৰ্যালয় সমূহত স্থায়ী বিষয়া সমূহ নিযুক্তি দিব পৰা নাই, কিন্তু অতি সোনকালেই ইয়াৰ ওপৰত ব্যৱস্থা লোৱা হ’ব৷

বৃহস্পতি বাৰৰ এই অনুষ্ঠানত অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ সঞ্চালক পি.কে হাজৰিকা, অসম চৰকাৰৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া বকুল শইকীয়া, মহকুমা উদ্যান শস্য বিষয়া খগেন শৰ্মাৰ লগতে জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, মহকুমা কূষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, হেমন্ত কলিতা, কূষি বিজ্ঞানী মূদুল ডেকাৰ লগতে ফাৰ্ম দুখনৰ কৰ্মোদ্দ্যমি যুৱক সকল উপস্থিত থাকে ।