
newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি পৰিৱৰ্তনকামী চৰকাৰৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ সময়তে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সমীক্ষাই প্ৰকৃত স্বৰূপটো উদঙাই দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ৷
অসমৰ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক লৈ গৌৰৱ কৰি থকাৰ সময়তে দেশৰ ৰাজ্য ভিত্তিত একেবাৰে তালিকাৰ শেষত স্থান লাভ কৰিছে অসম আৰু উত্তৰ প্ৰদেশে৷ অসমে স্বাস্থ্য সেৱাত সফল হোৱা বুলি দাবী কৰাৰ থকাৰ সময়তে তালিকাৰ অন্তিম স্থান লাভ কৰা বিষটোৱে বহু প্ৰশ্ন উদয় কৰিছে৷
গ্লবেল বাৰ্ডেন অৱ ডিজিজ নামৰ সংস্থাটোৱে উন্নত চিকিৎসা সেৱাৰ দেশৰ তালিকা প্ৰকাশ কৰে য’ত ১৯৫ খন দেশৰ ভিতৰত ১৪৫ নং স্থানত আছে ভাৰত৷ হেল্থ কেয়াৰ আৰু কোৱালিটি নিৰিখত ভাৰতৰ ৰেংক বহু তলত৷ ভাৰতৰ নিৰিখ হৈছে ৪১.২৷ ১৯৯০ চনত এই ৰেংক আছিল ২৪.৭৷ শূন্যৰ পৰা ১০০ মাজত এই সমীক্ষাত ৰেংকিং কৰা হয়৷
স্বাস্থ্য সেৱাৰ ৰাজ্য ভিত্তিত একেবাৰে পিছৰ ৰাজ্য হৈছে অসম আৰু উত্তৰ প্ৰদেশ৷ এই দুখন ৰাজ্যৰ ৰেংক হৈছে ৩৫.৯ৰ তলত৷ কেৰালা তালিকাৰ প্ৰথমত আছে৷ ৩৫.৯-৪৪.৮ স্কোৰৰ ভিতৰত আছে মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিছগড়, ওড়িশা, ঝাড়খণ্ড, বিহাৰ, অৰুণাচল প্রদেশ, মেঘালয় আৰু মণিপুৰ।
অসমে তালিকাৰ একেবাৰে শেষত থকাৰ লগতে ১৯৫ দেশৰ ভিতৰত লজ্জাজনক ভাবে তালিকাত ১৪৫ নম্বৰত আছে ভাৰত৷ ভাৰতৰ দৰে দেশত এয়া উদ্বেগজনক বিষয় হৈ পৰিছে৷ জনবহুল দেশ এখনৰ স্বাস্থ্য সেৱা নিম্নগামী হলে কল্যাণ লাভ কৰাৰ বিপৰীতে ৰাইজে উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয়৷ তালিকাত চুবুৰীয়া দেশ বাংলাদেশ আৰু ভূটানৰ পিছত ভাৰতৰ স্থান দেখা গৈছে৷