ঈৰদাত মৃতদেহ উদ্ধাৰ হোৱা মুকবধিৰ লুনাৰ বাসগৃহত অসম বধিৰ সন্থা

newsnextone.com | গোৰেশ্বৰঃ মুকবধিৰ যুৱতী লুনাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বাক্সা জিলাৰ মহৰিপাৰাৰ টেঙাঝাৰ গাঁৱৰ লুনাৰ বাসগৃহত উপস্থিত হয় অসম বধিৰ সন্থাৰ বিষয়-ববীয়া। গুৱাহাটী মহানগৰীৰ লংকেশ্বৰস্থিত দিব্যাংগ অনুষ্ঠান ঈৰদাত যোৱা ৭ জুনত সংঘটিত হোৱা এই ঘটনাই জোকাৰিছে ৰাজ্য। টেঙাঝাৰ গাঁৱৰ বলিন কলিতাৰ কন্যা ২২ বছৰীয়া লুনা কলিতাই ৰান্ধনি হিচাপে বিগত দুটা বছৰে কৰ্মৰত আছি  ঈৰদাত। যোৱা ৭ জুনত পৰিয়ালৰ লোকলৈ সন্ধিয়া ৬ মান বজাত ঈৰদাৰ পৰা কোনো লোকে ফোন কৰি জনাই যে লুনাই ঈৰদাৰ হোষ্টেলত চিপ লৈ আত্মহত্যা কৰিছে। কিন্তু এই ঘটনাক সম্পূৰ্ণ পৰিকল্পিত বুলি অভিহিত কৰিছে পৰিয়ালে। 

অসম বধিৰ সন্থাই এই ঘটনাক নিন্দা কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল'বলৈ আহে কেবাজনো বিষয়-ববীয়া। অসম বধিৰ সন্থাৰ উপ-সভানেত্ৰী স্বৰ্ণলতা পেগু, সম্পাদক তপন শৰ্মা, সহকাৰী সম্পাদক অভিজিৎ দাস সৈতে কেইবাজনো সদস্য-সদস্যা উপস্থিত হয়। অসম মহিলা সমিতিৰো কেইবাজনো বিষয়-ববীয়া উপস্থিত হয় লুনাৰ বাসগৃহত। বিষয়-ববীয়াসকলে লুনাৰ অস্বাভাবিক মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোক প্ৰস্তাৱ পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰে। 

অসম বধিৰ সন্থাৰ উপ-সভানেত্ৰী স্বৰ্ণলতা পেগু আৰু সম্পাদক তপন শৰ্মাই সংবাদমাধ্যমৰ আগত কয় যে ঈৰদাৰ সঞ্চালকৰ ড০ ৰমনী বৰ্মনৰ ভূমিকা এই ক্ষেত্ৰত সন্দেহজনক। এই ঘটনাৰ উচিত তদন্ত বিচাৰি মহানগৰীৰ লক্ষীৰাম বৰা সদনত এক প্ৰতিবাদী কাৰ্যসূচীৰো আয়োজন কৰা বুলি কয়। ইপিনে লুনাৰ মোমায়েকে কয় যে আত্মহত্যা কৰা সমগ্ৰ ঘটনাটো সন্দেহজনক। কিয়নো চিপ লোৱা স্থানটো ইমান উচ্চতাত আছিল য'ৰ পৰা ঢুকি পোৱা সম্ভৱ নহয়। 

তাৰ তলতো নাছিল কোনো চকী বা আচবাব। আনহাতে পৰীক্ষা শেষ হোৱাৰ পিছত সকলো ছাত্ৰ-ছাত্ৰী ঘৰলৈ যোৱাৰ পিছতো কিয় লুনাক ঘৰলৈ আহিব দিয়া হোৱা নাছিল। চিপ লোৱা অৱস্থাত কেনেদৰে ডিঙি ওপৰৰ পিনে মুখ হৈ থাকিল তাকো লৈ মোমায়েকে প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাৰ দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে টেঙাঝাৰ গাঁৱৰ মহিলাসকলেও।