কাৰ্বি যুৱ মহোৎসৱত উজলি উঠিব কলা-সংস্কৃতি, বিজেপিৰ স্বচ্ছ অভিযান

ডিফুঃ স্বচ্ছ ভাৰত অভিযান যেন এতিয়া এক চমক হে৷ হাতত ঝাড়ু লৈ ফটোৰ উঠাৰ বাবে পজ দিয়াৰ চমকত হৈ পৰিণত হ’ল স্বচ্ছ ভাৰত অভিযান৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ খনত স্বচ্ছ, পৰিস্কাৰ কৰাৰ সপোন দেখি এই আঁচনি হাতত লৈছিল৷ তাৰ পিছতে দেশৰ সাংসদ, মন্ত্ৰী, বিধায়ক আমোলা সকলোৱে হাতে-কামে লাগিছিল স্বচ্ছ ভাৰত অভিযানত৷

আজিওঁ ঠায়ে ঠায়ে একাংশ লোকে স্বচ্ছ ভাৰত অভিযানৰ হৈ কাম কৰি থকা দেখা যায়৷ তাৰ মাজতে, অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি সাংস্কৃতিক প্ৰকল্পত উদযাপন হ'বলগীয়া ৪৪ তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে পশ্চিম কাৰ্বি আংলঙৰ ৫ নং ৰংখাঙ পৰিষদীয় সমষ্টিৰ বিজেপিৰ মণ্ডল সমিতিয়ে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷

সাংস্কৃতিক প্ৰকল্প চৌহদ চাফ-চিকুণ কৰি শ্ৰমদান কৰা দেখা যায় বিজেপি নেতা-কৰ্মীক৷ কাৰ্বি ক'লা-সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ ডিফুৰ তাৰালাংছ'ৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি যুৱ মহোৎসৱলৈ এমাহকাল থকাৰ পূৰ্ব উদ্যোক্তাসকলে চলাইছে ব্যাপক প্ৰস্তুতি৷ ১৯৭৪ চনত কেইগৰাকীমান মহৎ লোকৰ আশাসুধীয়া প্ৰচেষ্টাত প্ৰাণ পাই উঠা কাৰ্বি পাহাৰৰ জনগোষ্ঠীয় কলা, সংস্কৃতি, পৰম্পৰা, ধৰি ৰখাৰ চেষ্টা কৰাৰ লগতে সম্বন্বয় গঢ়াৰ বাবে তাৰালাংছ'ৰ সাংস্কৃতিক প্ৰকল্পই কাম কৰি গৈছে৷

যোৱা ১৬ জানুৱাৰীত ৪৪ তম কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয়ৰ শুভ উদ্ধোধন কৰাৰ পিছতেই বিজেপিৰ ৫ নং ৰংখাঙ পৰষদীয় সমষ্টিৰ মণ্ডল সমিতিৰ সভাপতি প্ৰদীপ ৰংপিৰ নেতৃত্বত ২৮টা বুথ সমিতিৰ প্ৰায় ১৫০ গৰাকী যুৱক-যুৱতী আবাল-বৃদ্ধা, বণিতাই সাংস্কৃতিক প্ৰকল্প চাফ কৰে৷ শ্ৰমদান কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ তথা ৫নং ৰংহাঙ সমষ্টিৰ এমএচি হৰেণচিং বে' আৰু পৰিষদৰ এমএচি ৰামচিং তিমুঙ উপস্থিত থাকে৷