
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ সমীপৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডীয়া, সাহিত্য অকাডেমী, বিটিচি কতৃপক্ষৰ সহযোগত আৰু বড়ো লেখক সন্থাৰ উদ্যোগত যোৱা ১১ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ, বড়োলেণ্ড গ্ৰন্থ মেলা, বিশেষ সাহিত্য উৎসৱ, সদৌ ভাৰত বহু ভাষিক কবিতা অাবৃতি, যুৱ বড়ো লিখক উৎসৱ, বড়ো ভাষা শিক্ষা-শিকন প্ৰশিক্ষন শিবিৰ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ আজি সমৰণি পৰে৷
অনুষ্ঠানটিৰ অন্তিম দিনাৰ কাৰ্যসূচী অনুযায়ী মুকলি সভাখন উদ্বোধন কৰে বড়ো সকলৰ প্ৰথম সাহিত্য অকাডেমী বটা প্ৰাপ্ত ড৹ মংগলসিং হাজোৱাৰীয়ে ৷ বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সঞ্চালনা কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমান্দ ৰাজবংশীয়, সন্মানীয় অতিথি হিচাপে ইণ্ডনেছিয়া ৰাষ্ট্ৰৰ বিশিষ্ট বালি সাহিত্যিক চনিয়া পিচকায়েন্টি, ইণ্ডনেছিয়া ৰাষ্ট্ৰৰ গণেশা বিশ্ববিদ্যালয়ৰ প্ৰবক্তা পুটু কেৰতি নিতিআছি আৰু লু পুটু আৰতিনী উপস্থিত থাকে৷
বিশিষ্ট সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰী, বড়ো সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বড়ো, পশ্চিম বংগৰ বড়ো সমাজৰ সভাপতি নবীন চন্দ্ৰ মণ্ডল, নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহকাৰী সঞ্চালক ৰাকেশ কুমাৰ, বড়ো সমাজৰ সাংগঠনিক সম্পাদক নৌৰসিং নাৰ্জাৰীৰ লগতে বহু বিশিষ্ট সাহিত্যিক সকল অংশগ্ৰহণ কৰি ভাষণ ৰাখে ৷
পুৱা নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উদ্যোগত জনজাতি লেখক আৰু প্ৰকাশক সভা অনুষ্ঠিত কৰা সভাত ইণ্ডনেছিয়াৰ বিশিষ্ট বালি সাহিত্যিক চনিয়া পিচকায়েন্টিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানটোত বহু বড়ো সাহিত্যিক আৰু প্ৰকাশকসকল উপস্থিত থাকে৷ অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়োই বড়ো লেখক সন্থাৰ সাধাৰণ সম্পাদক ড০ ৰনেন চন্দ্ৰ মুচাহাৰীয়ে৷ উল্লেখ্য যে, মুকলি সভাত ইণ্ডনেছিয়াৰ বালি জনগোষ্ঠীৰ এটি তথ্য চিত্ৰ প্ৰদৰ্শন কৰি ভাষণ ৰাখে ইণ্ডনেছিয়াৰ অতিথিসকলে৷