
গুৱাহাটীঃ খিলঞ্জীয়া ভূমি অধিকাৰ আৰু মাটিৰ পট্টন দিয়াৰ বিষয়টো নিশ্চিত কৰিবলৈ চৰকাৰে গঠন কৰা সমিতিখনৰ প্ৰতিবেদন চূড়ান্ত হৈছে। হৰিশংকৰ ব্ৰহ্মক অধ্যক্ষ হিচাপে লৈ সোণোৱাল চৰকাৰে যোৱা ফেব্ৰুৱাৰী মাহত গঠন কৰা সেই সমিতিখনে ইতিমধ্যে অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিছে।
♦ কি আছে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত?
♦ ভূমিৰ অধিকাৰ পাবনে অসমৰ খিলঞ্জীয়াই?
♦ বেদব্ৰত বৰাৰ 'একমত’ত বহু কথা
৩১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰিবলগীয়া চূড়ান্ত প্ৰতিবেদনত আছে বহু গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী। সন্দেহজনক লোকক উচ্ছেদ কৰাৰ লগতে বাংলাদেশী বা বিদেশী বুলি সন্দেহ কৰা লোকৰ ভূমি পট্টন নাকচ কৰাৰ লগতে ৰাজ্যখনৰ প্ৰকৃত খিলঞ্জীয়া লোকক ম্যাদী পট্টা প্ৰদানৰ প্ৰস্তাব লোৱা হৈছে।
ট্ৰাইবেল ব্লক আৰু বেল্টসমূহত থকা অ-জনজাতীয় লোকক উচ্ছেদ কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে ৬ জনগোষ্ঠীৰ লোকসকল ট্ৰাইবেল বেল্টত থাকিলেও তেওঁলোকক উচ্ছেদ কৰা বিষয়টো বিবেচনা কৰিবলৈ কোৱা হৈছে।
আন এক গুৰুত্বপূৰ্ণ বিষয় হ’ল সমিতিৰ পৰামৰ্শ অনুযায়ী কোনো ব্যক্তিয়ে ৫০ বিঘাৰ অধিক মাটি নিজৰ নামত ৰাখিব নোৱাৰিব। ৫০ বিঘাৰ ওপৰৰ মাটি থাকিলে চৰকাৰে কাঢ়ি ল’ব পাৰিব সেই মাটি।
এই সমিতিখনৰ পৰামৰ্শ চৰকাৰে কেনেধৰণে কাৰ্যকৰী কৰে সেয়া সময়তহে জানিব পৰা যাব যদিও বৰ্তমান কিন্তু চৰকাৰখনৰ আন্তৰিকতাৰ অভাৱ দেখা গৈছে। এই সমিতিখনৰ অন্যতম সদস্য আছিল মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী। আশ্চৰ্যজনকভাৱে ভৰালী সমিতিখনৰ এখনো বৈঠকত উপস্থিত নথকা বুলি জানিব পৰা গৈছে। ভৰালী সমিতিখনৰ এখনো বৈঠকত উপস্থিত নথকাতো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।
এই চূড়ান্ত প্ৰতিবেদনখন সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই তেওঁৰ 'একমত’ অনুষ্ঠানত বিস্তৃতভাৱে বিশ্লেষণ আগবঢ়াইছে। 'একমত’ চাবৰ বাবে তলত ক্লিক কৰক। বাতৰিটো গুৰুত্বপূৰ্ণ যেন ভাব হ’লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
CLICKবেদব্ৰত বৰাৰ সৈতে 'একমত'