অসমৰ ফলক দলিয়ালে মেঘালয়ৰ নাগৰিকে, খাচীৰ দাদাগিৰী ৰোধ কৰিব পৰা নাই সোণোৱাল চৰকাৰে

newsnextone.com | খেৰণিঃ চুবুৰীয়া ৰাজ্যই অসম সীমান্তত আগ্ৰাসন অব্যাহত ৰাখিছে৷ মিজোৰাম, নাগালেণ্ড, অৰুণাচল আৰু মেঘালয়ে পূৰ্বৰ দৰেই আগ্ৰাসন অব্যাহত ৰাখিছে বুলি সময়ে সময়ে সীমান্তৰ অসমীয়াই অভিযোগ উত্থাপন কৰি আহিছে৷ ইয়াৰ মাজতে অসমৰ ভূমি নতুনকৈ দখল কৰাৰ তথ্য পোহৰলৈ আহিছে৷

এইবাৰ মেঘালয় প্ৰশাসনৰ সহায়ত কাৰ্বি পাহাৰৰ ভিতৰলৈ সোমাই আহিছে মেঘালয়ৰ লোক৷ পশ্চিম কাৰ্বি আংলঙৰ বৃহৎ এটা অঞ্চল চুবুৰীয়া ৰাজ্য মেঘালয়ে নিজৰ বুলি দাবী কৰি বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মেঘালয় চৰকাৰৰ লগতে মেঘালয়ৰ নাগৰিকে দ্ৰুত গতিত অসমৰ ভূমি দখল কৰা বুলি জানিব পৰা গৈছে৷

দিন দুপৰতে ২৫-৩০ জনীয়া খাচী লোকে মেঘালয়ৰ পৰা আহি অসম-মেঘালয়া সীমান্তক পশ্চিম কাৰ্বি আংলঙৰ চাবুদাত অসমৰ ভূমিত ‘ৱেলকাম-টু-ৱেষ্ট কাৰ্বি আংলং’ লিখা ফলক দলিয়াই ‘চাবুদা, ৰেইড নংটুং, ৰি-ভয় ডিষ্ট্ৰিক্ট, মেঘালয়’ বুলি লিখা নিজৰ ফলক আৰে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তৱৰ্তী এলেকা চাবুদাত। 

যিকোনো মুহূৰ্ততে দুই ৰাজ্যৰ নাগৰিকৰ মাজত সংঘাত সৃষ্টিৰ আশংকা কৰা গৈছে৷ সঁচাকৈ সীমান্তৱৰ্তী ৰাইজৰ প্ৰতি ৰাজ্য চৰকাৰ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ চৰকাৰে প্ৰদৰ্শন কৰি অহা অৱহেলা-দায়িত্বহীনতাৰ পূৰ্ণ সুযোগ লৈছে এতিয়া চুবুৰীয়া ৰাজ্য মেঘালয়ে। অসম-মেঘালয় সীমান্তৰ এলেকাসমূহ চৰকাৰে আজিলৈকে সুৰক্ষিত আৰু সীমাস্থিৰ নিশ্চিত নকৰাৰ লগতে সীমান্ত প্ৰহৰীস্বৰূপে সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকসকলৰ প্ৰতি ৰাজ্য চৰকাৰ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই আজি অসমৰ ভিতৰলৈ আহি মাটি দখল কৰিবলৈ সক্ষম হয় খাচীয়ে৷ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলত মেঘালয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। 

অসম চৰকাৰ কিম্বা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদে সীমান্তৱৰ্তী এলেকাত বসবাস কৰা ৰাইজৰ বাবে কল্যাণ মূলক আঁচনিৰ ৰূপায়নৰ নকৰাত মেঘালয় চৰকাৰে বিভিন্ন চৰকাৰী আঁচনি প্ৰদান কৰি আহিছে সীমান্তৱৰ্তী এলেকাত বসবাস কৰা ৰাইজক। মেঘালয়ৰ উলুকুঞ্চি থানা অন্তৰ্গত উম্পাৱেঙ, হাবাং, চাবুদা, উমাত, যাতালন, মৰিয়াপ, মাছুলংডেং, উমৰোহ, লাংহেৰাং আদি বৃহৎ বৃহৎ অঞ্চলত তথা অসমৰ ভূমিকে মেঘালয়ে নিজৰ বুলি দাবী কৰি অহাৰ সমান্তৰালকৈ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি আহিছে মেঘালয় চৰকাৰে। 

সৌৰশক্তি ব্যৱস্থা, পকী পথ, বিশুদ্ধ খোৱা পানী ব্যৱস্থা, বিদ্যালয় স্থাপন, বিদ্যুৎ যোগান সেৱা আদি প্ৰয়োজনীয় সকলো সুবিধাই মেঘালয় চৰকাৰে প্ৰদান কৰি আহিছে। কিন্তু তাৰ বিপৰীতে অসম চৰকাৰ কিম্বা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে কিন্তু বছৰ বছৰ ধৰি বঞ্চিত আৰু অৱহেলিত কৰি আহিছে সীমান্তৱৰ্তী এলেকাত বসবাস কাৰ্বি আংলংবাসী তথা অসমৰ ৰাইজক। 

ইমানৰ পিছতো অসমৰ সীমান্ত প্ৰহৰী উক্ত অঞ্চলসমূহত বসবাস কৰা ৰাইজে অসমৰ এক ইঞ্চিও ভূমিও মেঘালয়ক নিদিও বুলি থিয় দি আহিছে। অসম চৰকাৰ বা পৰিষদে এনেদৰে কাণ্ডজ্ঞানহীন ভাৱে সীমান্তৰ লোকক এৰাই চলাত বিশেষ তাৎপৰ্যবহণ কৰিছে৷ সীমান্তৰ প্রহৰী ৰাইজক সুৰক্ষা, উন্নয়ন নকৰি সীমান্তৱৰ্তী ৰাইজক মাহী আইৰ দৃষ্টিৰে চাই অহাত তাৰ সম্পূৰ্ণ সুযোগ লৈছে মেঘালয় চৰকাৰে৷ অসমৰ নাগিৰক মেঘালয়ৰ সৈতে চামিল তথা মেঘালয়ত অন্তৰ্ভুক্ত হ’ব বিচাৰে বুলিও খবৰ ওলাইছে। সীমান্ত প্ৰহৰী ৰাইজে অসমৰ চৰকাৰৰ মন্ত্ৰী, তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং আৰু স্থানীয় বিধায়ক মানছিং ৰংপিক এবাৰৰ বাবে হলেও অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।