
হাইলাকান্দিঃ ২৭ মাৰ্চত কেন্দ্ৰীয় গৃহ বিভাগৰ উত্তৰ পূবৰ দায়িত্বত থকা যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গৰ নেতৃত্বত এটা দলে অসম-মিজোৰাম সীমান্ত ভ্ৰমণ কৰি অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলৰ পৰা সকলোধৰণৰ নিৰ্মাণ কাৰ্য আতৰোৱাৰ লগতে দুয়ো ৰাজ্যৰ নিয়োগ কৰা নিৰাপত্তাৰক্ষী আতৰোৱাৰ নিৰ্দেশ দিছিল৷ কিন্তু কেন্দ্ৰীয় গৃহ বিভাগৰ সকলো নিৰ্দেশক আওকান কৰি মিজোৰামৰ জনগণ আৰু প্ৰশাসনে সীমান্তত পথ নিৰ্মাণ কাৰ্য চলাই যোৱাৰ লগতে অসমৰ লোকক কৰ বিচাৰি ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
কেন্দ্ৰীয় দলটোৱে মিজোৰামৰ অবৈধ দখলৰ কথা স্বীকাৰ কৰি দুয়ো ৰাজ্যৰ প্ৰশাসনৰ লোক আৰু কেন্দ্ৰীয় প্ৰতিনিধিৰ মাজত হাইলাকান্দিৰ কচুৰতলৰ এখন বৈঠকো অনুষ্ঠিত কৰিছিল৷ অসমৰ গৃহ সচীব এল এচ চাংচন, দক্ষিণ অসম আৰক্ষীৰ মহানিৰ্দেশক দেৱৰাজ উপাধ্যায় আদি উপস্থিত থাকি বৈঠক ইতিবাচক বুলি কৈছিল যদিও পুনৰ মিজোই সীমান্তত সন্ত্ৰাস আৰম্ভ কৰে৷ কেন্দ্ৰীয় দলটোৱে অসম-মিজোৰামৰ ভূমি বিবাদৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাৰ কথা বৰ্তমানেও প্ৰকাশ কৰা নাই যদিও মিজোক কৰ দি অসমৰ ভূমিত সীমান্তৰ অসমৰ বাসিন্দা থাকিব লগাৰ দৰে পৰিৱেশ সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে৷
অসমৰ ভূমিত বসবাস কৰি থকা অসমৰ কেইবাটাও পৰিয়ালক মিজোৰামৰ আই আৰ বেটেলিয়ানে অসমৰ ভূমি মিজোৰামে লাভ কৰা বুলি দাবী কৰি আহিছে৷ শীঘ্ৰে সেই ভূমি এৰি নিদিলে কথা বেয়াৰ হোৱাৰো ভাবুকি প্ৰদান কৰে৷ আনহাতে উক্ত ভূমিত থাকিব লাগিলে কৰ দিব লাগিব বুলি জনাই অসমৰ লোকক৷ বৰাকৰ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ অসমৰ গল্লাছড়া গাঁৱত যোৱা শনিবাৰৰ পৰা আইআৰ বেটেলিয়ানে অসমৰ লোকক ভাবুকি দি অহাৰ খবৰ আহিছে৷
আনহাতে শনিবাৰৰ পৰাই হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত অসমৰ ভূমিত পথ নিৰ্মাণ কৰি গৈছে মিজো প্ৰশাসনে৷ যাৰ ফলত পুনৰ অসম-মিজোৰাম সীমান্তত উত্তেজনা বিয়পি পৰাত বিধায়ক-সাংসদে জৰুৰী বৈঠক অনুষ্ঠিত কৰিব লগা হয়৷
যোৱা ২০ মাৰ্চত দিল্লীত অনুষ্ঠিত হোৱা অসম-মিজোৰামৰ মুখ্য সচিব পৰ্যায়ৰ বৈঠকৰ পাছতেই কেন্দ্ৰীয় গৃহ সচিব ৰাজিব গাউবাৰে অসম-মিজোৰাম সীমান্ত ভ্ৰমণৰ নিৰ্দেশ দিছিল গৃহ বিভাগৰ উত্তৰ পূবৰ দায়িত্বত থকা যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গক৷ কিন্তু মিজোই পুনৰ সন্ত্ৰাস আৰম্ভ কৰাত অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে৷