অসম-নগালেণ্ড সীমান্ত পৰিদৰ্শন শিৱসাগৰ জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ

শিৱসাগৰঃ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷ কিন্তু এই সংগ্ৰামে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷

ভাৰত চৰকাৰে নগা বিদ্ৰোহী সংগঠন NSCN-IM ৰ সৈতে নাগালিম সন্দৰ্ভত কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-মেঘালয় সীমান্তত নগাৰ তাণ্ডৱ অব্যাহত আছে৷ তাৰ মাজতে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্ত্তী অঞ্চল পৰিদৰ্শন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে৷

যোৱা ১ নৱেম্বৰত জিলা উপায়ুক্ত নাৰায়ণ মেলাং কোঁৱৰ আৰু আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে জিলাখনৰ সীমামূৰীয়া অঞ্চল বিহুবৰত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ঘটনাৰ বুজ লয়। এই সন্দৰ্ভত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে নাগিনিমৰাৰ স্থানীয় আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ সৈতেও আলোচনা মিলিত হয়।

কোনো দুস্কৃতিকাৰীয়ে নগা উগ্ৰপন্থীৰ নাম লৈ ধনদাবী কৰি ৰাইজক ব্যতিব্যস্ত কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু সঠিক তদন্ত চলি থকা বুলিও জানিবলৈ দিয়ে। জিলা উপায়ুক্তই এক বিবৃতিত যোগে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি কয় শিৱসাগৰ প্ৰশাসন। তেওঁলোকৰ সম্পূৰ্ণ নিৰাপত্তা নিশ্চিতকৰণ কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে আশ্বাস প্ৰদান কৰে।