
newsnextone.com | চামগুৰিঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ নেতৃত্বত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ দাবীত পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা আৰু উৰিয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আৰি কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
আছুৰ আহ্বানত ঘৰৰ পৰা ওলাই অহা লোকে ৰে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণ লোকে-লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয়৷ দিনৰ ১১ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰন্টু শৰ্মাই আঁতধৰা গণ বিক্ষোভ কাৰ্যসূচীত পুৰণিগুদাম বাপুজী ভৱন অাৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকা, পুৰণিগুদাম আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক কুকিল বৈৰাগী আৰু আছুৰ প্ৰাক্তন নেতা পূৰ্ণানন্দ বাৰিকে এয়া চৰকাৰৰ হঠকাৰী আৰু জনবিৰোধী সিদ্ধান্ত তথা ভোট বেংক ৰাজনীতি আখ্যা দিয়ে৷
মেঘালয় আৰু নাগালেণ্ড চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ লব পাৰে অসম চৰকাৰে কিয় নোৱাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে৷ ইয়াৰ পাছতেই সমবেত লোৱেকে পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে কেঞাপটিলৈকে বিশাল প্ৰতিবাদী সমদল উলিয়াই পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে৷ প্ৰখৰ ৰ'দকো নেওচি ডবা, কাঁহ, তাল বজাই প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তি সম্পূৰ্ণকৈ ৰূপায়ন কৰক, অসম চুক্তি আখৰে-আখৰে পালন কৰক, বিভেদকামী শক্তি হুঁচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, অসম চৰকাৰ হায়-হায়, ৰাজেন গোঁহাই গ'বেক, ৰাজেন গোঁহাই হুচিয়াৰ, ৰাজেন গোঁহাই মুৰ্দাবাদ, শিলাদিত্য হায়-হায়, শিলাদিত্য গ'বেক, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশী খেদ শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে৷
পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক পিংকুমণি বৰা, নয়নজ্যোতি গায়ন আৰু উৰিয়াগাঁও ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত শৰ্মাই নেতৃত্ব প্ৰদান কৰা সমদলটোত স্বতৰ্ফূতভাৱে বিভিন্ন দল-সংগঠনৰ আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷ গণ বিক্ষোভ কাৰ্যসূচীত পুৰণিগুদাম শাখা সাহিত্য সভা, কলংপৰীয়া শাখা সাহিত্য সভা, অসম নাট্য সন্মিলন, পুৰণিগুদাম শাখা, উৰিয়াগাঁও লেখিকা সন্থা, পুৰণিগুদাম আঞ্চলিক কৰ্মচাৰী পৰিষদ, বঢ়মপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, গৰিয়া-মৰিয়া দেশীয় যুৱ-ছাত্ৰ পৰিষদ, পুৰণিগুদাম প্ৰেছ ক্লাৱ, বাপুজী ভৱন আৰু পুথিভঁৰাল, অৰ্নিবাণ গোষ্ঠী, ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভা, জবা সংঘ, চাপানালা, তেজস্বিনী অসম, পুৰণিগুদামে অংশ লয়৷