জালত পৰিল আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰা, ৰঙিয়াত চাঞ্চল্য

ৰঙিয়াঃ বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল ২০১৩ বৰ্ষৰ ACS-APS৷ মঙলবাৰে নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই ৫গৰাকী ACS-APS বিষয়াক জালত পেলাইছে৷ 

তাৰ মাজত কামৰূপৰ ৰঙিয়া মহকুমা আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰাও আছে৷ ডিব্ৰুগড় আৰক্ষীয়ে অভিষেক বৰবৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৰঙিয়াত৷

উল্লেখ্য যে অভিষেক বৰবৰাই ৰঙিয়াত ২০১৫ চনৰ পৰা কৰ্মৰত অৱস্থাত আছিল৷ শেহতীয়াভাৱে তেওঁ ৰঙিয়াত এনআৰচিৰ কামত নিয়োজিত হৈ আছিল৷ মঙলবাৰে ৰঙিয়াত কৰ্তব্য সমাপন কৰি গুৱাহাটীৰ ঘৰলৈ উভতি যোৱাৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ আবকাৰী পৰিদৰ্শকগৰাকীৰ ঘৰ গুৱাহাটীৰ চান্দমাৰীৰ কমাৰ্চ কলেজৰ সমীপত৷

এপিএছচি কাণ্ডৰ গোচৰৰ তদন্তত বিগত কিছুদিন ধৰি এইগৰাকী বিষয়াৰ নাম চৰ্চালৈ আহি থকাত ৰঙিয়াত একপ্ৰকাৰ লোকচক্ষুৰ পৰা আঁতৰি আছিল৷ 

ৰঙিয়াৰ পৰা নিতৌ গুৱাহাটীলৈ বাছ আৰু ৰেলেৰে হাজাৰ হাজাৰ লিটাৰ চুলাই মদ সৰবৰাহ হোৱাৰ লগতে লাইন হোটেল আৰু ধাবাসমূহতো বেআইনীভাৱে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বিষয়া অভিষেকে৷