
গুৱাহাটীঃ বিশিষ্ট সাংবাদিক, সমাজকৰ্মী নগাঁৱৰ আমোলাপট্টিৰ নিবাসী বলেন বৰাৰ মৃত্যুত আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছৰ কেন্দ্ৰীয় সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে৷ আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, কাৰ্যকৰি সভাপতি মৌচমজ্যোতি বৈশ্য, সম্পাদক প্ৰধান হেমন্ত শইকীয়াই এক বিবৃতি যোগে সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
সাংবাদিক বলেন বৰাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় সাংবাদিক সংগঠনটোৱে। ‘দৈনিক অসম’ বাতৰি কাকতৰ সাংবাদিক বৰাই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ নগাঁও জিলাৰ আমোলাপট্টিৰ নিজ গৃহত মৃত্যুক আকোৱালি লয়৷
আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি, নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত "কলংপাৰ"ৰ সম্পাদক, গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক অসম কাকতৰ জেষ্ঠ সাংবাদিক বলেন বৰাৰ মৃত্যুত সংবাদ জগতৰ অপূৰণীয় ক্ষতি হোৱা বুলি কয় আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছে৷ সাংবাদিকগৰাকীৰ মৃত্যুত সংগঠনটোৰ জিলা সমিতি আৰু মহকুমা সমিতি সমূহে তিনিদিনীয়া শোক প্ৰকাশ কৰিব বুলি কয়৷